স্পৰ্টছ ডেস্ক, ১৭ মাৰ্চঃ আঘাতৰ সন্মুখীন হৈ ইণ্ডিয়ান ৱেলছ টেনিছ টুৰ্ণামেণ্টৰছেমিফাইনেলৰ পৰা বাহিৰ হ'ল স্পেইনৰ টেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডাল । আঠুত পোৱা আঘাতৰ বাবেই প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰে খেলুৱৈগৰাকীয়ে ।
উল্লেখ্য যে, ২০১৭ চনৰ পিচত প্ৰথমবাৰৰ বাবে মুখামুখি হ'বলগীয়া আছিল নাডাল-ফেডেৰৰ । ইয়াৰ পূৰ্বে ৩৮ বাৰৰ বাবে মুখামুখি হৈছিল দুয়ো প্ৰতিদ্বন্দী খেলুৱৈ । নাডালৰ ছেমিফাইনেলত নাম প্ৰত্যাহাৰৰ পিচতেই ফেডেৰৰেফাইনেলত মুখামুখি হ'ব অষ্ট্ৰেলিয়াৰ ড'মিনিক থিয়মৰ । ফেডেৰৰে বৰ্তমানলৈকে ২০০৪, ২০০৫, ২০০৬, ২০১২, ২০১৭ চনতইণ্ডিয়ান ৱেলছ টেনিছ টুৰ্ণামেণ্টৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল । আনহাতে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ৱেলছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে ড'মিনিক ।