ETV Bharat / sports

ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা মৰিগাঁৱৰ বিষ্ণু বৰদলৈ

author img

By

Published : Sep 27, 2020, 9:53 AM IST

এজন প্ৰতিশ্ৰুতি সম্পন্ন ফুটবলাৰ । ভাৰতীয় ফুটবল প্ৰেমীৰ মাজত জনপ্ৰিয় তেওঁ । ভাৰতীয় ফুটবলক প্ৰতিনিধিত্ব কৰি বহিঃৰাষ্ট্ৰত দুভৰিৰ যাদু প্ৰদৰ্শনৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । 19 অনুৰ্দ্ধৰ এইজন ভাৰতীয় ফুটবলাৰক লৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা মৰিগাঁৱৰ বিষ্ণু বৰদলৈ
ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা মৰিগাঁৱৰ বিষ্ণু বৰদলৈ

মৰিগাঁও, 27 ছেপ্টেম্বৰ : বিষ্ণু বৰদলৈ, ভাৰতীয় ফুটবল জগতৰ এক সুকীয়া পৰিচয় । 19 অনুৰ্দ্ধৰ এইগৰাকী ভাৰতীয় ফুটবলাৰে বাওঁ ভৰিৰ যাদুৰে মন মুহিছে লক্ষ লক্ষ ভাৰতীয় ফুটবল প্ৰেমীক । ভাৰতীয় ফুটবল দলক 2015/16 বৰ্ষত প্ৰতিনিধিত্ব কৰি ৰাছিয়া আৰু কাজাকিস্তানৰ ভূমিত প্ৰদৰ্শন কৰি আহিছে বাওঁ ভৰিৰ যাদু ।

নিজৰ কৃতিত্বৰ সৈতে ফুটবলাৰ বিষ্ণু বৰদলৈ

স্মৰ্তব্য মৰিগাঁৱৰ বিষ্ণু বৰদলৈয়ে বিশ্ব বিশ্ৰুত লিওনেল মেচীৰ দৰে বাওঁ ভৰি আৰু মেচীৰ লেখীয়া কৌশলেৰে ভাৰতীয় ফুটবলক বিশ্বকাপলৈ আগুৱাই নিবলৈ বিচাৰে ।

নিজৰ ফুটবল কেৰিয়াৰ সন্দৰ্ভত বিষ্ণু

2013 চনত প্ৰথমবাৰৰ বাবে ফুটবল জগতলৈ আহি এটাৰ পিছত আনটো দলত চুক্তিবদ্ধ হয় বৰদলৈ । মৰিগাঁও জিলাৰ ক্ৰীড়া সন্তানগৰাকীয়ে অসম তথা সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে বহুকেইটা ট্ৰফী,পাইছে অভিনন্দন পত্ৰ । ফুটবলৰ এই জয়যাত্ৰাৰ দিশত আগবাঢ়ি যোৱা সময়ত উনৈশ বছৰীয়া ফুটবলাৰজন বহুখিনি সময়ত থমকি ৰ'বলগীয়া হৈছে ঘৰুৱা আৰ্থিক দুৰৱস্থাৰ বাবে ।

বিভিন্ন সম্বৰ্ধনা পত্ৰ আৰু বিষ্ণুৰ ফুটবল কৌশল

মৰিগাঁও চহৰৰ মাজমজিয়াৰ বুঢ়াগাঁৱৰ নিবাসী পিতৃ মাতৃ ক্ৰমে বনমালী বৰদলৈ আৰু দীপা বৰদলৈয়ে পুত্ৰৰ এই স্বৰ্ণিল যাত্ৰা পথত এধানমানি সহায়ৰ হাত আগবঢ়াব নোৱাৰে । পিতৃয়ে দিন হাজিৰা কৰি ঘৰ চলায় । মন কৰিবলগীয়া যে বিষ্ণুৰ এই ভৱিষ্যত সম্পন্ন প্ৰতিভা দেখি ক্ৰীড়া প্ৰেমী তথা ক্ৰীড়া সংগঠক বৰদেউতাক জিতু বৰদলৈয়ে যিমান পাৰে আগবঢ়াইছে সহযোগিতা । এক কথাত ক'বলৈ গ'লে বৰদেউতাক জিতু বৰদলৈ হৈছে বিষ্ণুৰ সকলো আশা ভৰষাৰ উৎস ।

10 নম্বৰ জাৰ্চীৰ সৈতে বিষ্ণু

বিশ্ব ফুটবল তাৰকা লিওনেল মেচীক বহুখিনি অনুসৰণ কৰে মৰিগাঁৱৰ এইগৰাকী বিষ্ণুৱে । সেয়েহে কোভিড-19ৰ এই ভয়াৱহ সময়ত সকলো নীতি নিয়ম মানি কঠোৰ সাধনাত ব্যস্ত 19 অনুৰ্দ্ধৰ তাৰকা বিষ্ণু বৰদলৈ ।

বিষ্ণু সন্দৰ্ভত পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া

ইটিভিৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিষ্ণু বৰদলৈয়ে কয় যে, ভাৰতীয় খেল প্ৰাধিকৰণৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত বিষ্ণুৱে ঐতিহাসিক সন্তোষ ট্ৰফী, সুব্ৰত কাপ প্ৰতিযোগিতাত খেল প্ৰদৰ্শন কৰিছে ৷ বৰ্তমানে কলিকতাৰ ৰিজাৰ্ভ দলত খেলি আহিছিল যদিও শেহতীয়াকৈ দিল্লীৰ সুদেবা এফ চি নামৰ এটা দলৰ সৈতে চুক্তিবদ্ধ হৈছে বিষ্ণু ৷ আগন্তুক আই লীগত সুদেবা এফচি দলৰ হৈ নিজৰ ভৰিৰ যাদু প্ৰদৰ্শন কৰিব বিষ্ণুৱে ৷

লগতে পঢ়ক : অচিৰেই মাজুলীত নিৰ্মাণ হ'ব ক্ৰিকেট ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.