স্পৰ্টছ ডেস্ক,13 মে’: ধাৰাবাহিক ভাবে দ্বিতীয়বাৰলৈ ইংলিছ প্ৰিমিয়াৰ লীগ ফুটবল টুৰ্ণামেণ্টৰ চেম্পিয়ন হ’ল বিশ্বৰ এক অন্যতম আগশাৰীৰ ফুটবল ক্লাৱ মানচেষ্টাৰ চিটি ৷
এমেক্স ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চূড়ান্ত মেচখনত ব্ৰাইটন ফুটবল ক্লাৱক 4-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ডিফেণ্ডিং চেম্পিয়ন মানচেষ্টাৰ চিটিয়ে ৷ আনহাতে দলটোৰ এইটো আছিল চতুৰ্থবাৰৰ খিতাপ। ইয়াৰ পূৰ্বে ২০১২,২০১৪,২০১৮ আৰু ২০১৯ত চেম্পিয়ন হৈছিল মানচেষ্টাৰ চিটি।

মেচখনত মানচেষ্টাৰ চিটিৰ হৈ 28 মিনিটত চাৰ্জিঅ’ এগ্য়ুৰুয়ে, 38 মিনিটত এমেৰিক লাপৰ্টে, 63 মিনিটত ৰিয়াদ মাহৰেজে আৰু ইলকেয় গুণ্ডোগনে 72 মিনিটত গ’ল কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে মেচখনত একমাত্ৰ আৰু প্ৰথমটো গ’ল কৰিছিল ব্ৰাইটন দলটোৱে 27 মিনিটত ৷ এই গ’লটো কৰিবলৈ সক্ষম হৈছিল গ্লেন মোৰায়ে৷