স্পৰ্টছ ডেস্ক, 24 জুলাই : লিভাৰপুল এফ চিৰ অধিনায়ক জৰ্ডান হেণ্ডাৰছনে দখল কৰিছে সন্মানীয় ফুটবল ৰাইটাৰ্চ এচ'ছিয়েচনৰ (FWA) বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰ সন্মান ৷ হেণ্ডাৰছনৰ দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে লিভাৰপুলে 30 বছৰৰ অন্তত প্ৰীমিয়াৰ লীগ দখল কৰিবলৈ সক্ষম হৈছে ৷
মানচেষ্টাৰ চিটীৰ কেভিন ডি ব্ৰুইন, মানচেষ্টাৰ ইউনাইটেডৰ মাৰ্কাচ ৰাছফৰ্ড আৰু লিভাৰপুলৰ ভাৰ্জিল ভান ডিজিক আৰু ছেডিঅ' মানেও ইয়াৰ বাবে মনোনয়ন লাভ কৰিছিল যদিও হেণ্ডাৰছনে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷
এই সম্পৰ্কত হেণ্ডাৰছনে কয়, "মোক ভোট দিয়া প্ৰতিজন লোক আৰু ফুটবল ৰাইটাৰ্ছ এচ'ছিয়েচনক মই ধন্যবাদ জনাব বিচাৰো ৷ লিভাৰপুলৰ মোৰ বহুকেইজন সহকৰ্মীয়ে এই সন্মান দখল কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ সৈতে খেলাৰ মোৰ সৌভাগ্য হৈছিল যেনে, জেৰাৰ্ড, লুইছ ছোৱাৰেজ আৰু মহম্মদ ছালাহ ৷"
উল্লেখ্য যে, লিভাৰপুলৰ সৈতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোৱা কিছু বছৰত হেণ্ডাৰছনে বহুকেইটা পদক দখল কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ নেতৃত্বত 'The Reds' খ্যাত লিভাৰপুলে চেম্পিয়নছ লীগ, প্ৰীমিয়াৰ লীগ, ছুপাৰ কাপ আৰু ক্লাব বিশ্বকাপ দখল কৰিছে ৷
ইয়ান কালাঘান(1974), কেভিন কিগান(1976), এমলিন হিউগছ(1977), কেনী দালগ্লিছ(1979 আৰু 1983), তেৰী মেকডাৰ্মোট(1980), ইয়ান ৰাছ(1984), জন বাৰ্ণাছ(1988 আৰু 1990), ষ্টিভ নিকল(1989), ষ্টিভেন জেৰাৰ্ড(2009), লুইছ ছোৱাৰেজ(2014) আৰু মহম্মদ ছালাহৰ (2018) পাচত এই সন্মান দখল কৰা হেণ্ডাৰছন হৈছে লিভাৰপুলৰ 12 সংখ্যক ফুটবলাৰ ৷
লগতে পঢ়ক : আইপিএল 13 সংস্কৰণৰ দিন নিশ্চিত কৰিলে চেয়াৰমেন ব্ৰিজেশ পেটেলে