স্পৰ্টছ ডেস্ক, 8 মেঃ ফুটবল চেম্পিয়নছ লীগৰ দ্বিতীয়খন ছেমিফাইনেলত বাৰ্চিলোনাক পৰাস্ত কৰি ফাইনেলত স্থান সুনিশ্চিত কৰিলে লিভাৰপুলে ৷ বাৰ্চিলোনাৰ বিৰুদ্ধে মেচখনত 4-0 গ’লত জয় লাভ কৰিবলৈ সক্ষম হয় লিভাৰপুলে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেলত 0-3 ৰে পৰাস্ত হৈছিল লিভাৰপুল ৷ অৱশেষত দ্বিতীয়খন ছেমিফাইনেলত 4-0 ৰে জয় লাভ কৰি মুঠ 4-3 গ’লৰ ব্যৱধানত অগ্ৰগতি লৈ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় লিভাৰপুলে ৷ 1986 চনৰ পাচত এইয়া প্ৰথমবাৰৰ বাবে কোনো দলে প্ৰথম ছেমিফাইনেলত 3 গ’লেৰে পিচ পৰি থকাৰ পাচত ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ লিভাৰপুলৰ এই জয়ৰে ধাৰাবাহিক দ্বিতীয়বাৰৰ লগতে মুঠ নৱমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ফাইনেলত এজাক্স আৰু ট’ট্টেনহামৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিজয়ী হোৱা দলৰ বিৰুদ্ধে মুখামুখি হ’ব লিভাৰপুল ৷
চেম্পিয়নছ লগীৰ ফাইনেলত লিভাৰপুল - FOOTBALL
বাৰ্চিলোনাক পৰাস্ত কৰি চেম্পিয়নছ লীগৰ ফাইনেলত প্ৰৱেশ লিভাৰপুলৰ ৷ 4-3 গ’লত পৰাস্ত বাৰ্চিলোনা ৷
স্পৰ্টছ ডেস্ক, 8 মেঃ ফুটবল চেম্পিয়নছ লীগৰ দ্বিতীয়খন ছেমিফাইনেলত বাৰ্চিলোনাক পৰাস্ত কৰি ফাইনেলত স্থান সুনিশ্চিত কৰিলে লিভাৰপুলে ৷ বাৰ্চিলোনাৰ বিৰুদ্ধে মেচখনত 4-0 গ’লত জয় লাভ কৰিবলৈ সক্ষম হয় লিভাৰপুলে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেলত 0-3 ৰে পৰাস্ত হৈছিল লিভাৰপুল ৷ অৱশেষত দ্বিতীয়খন ছেমিফাইনেলত 4-0 ৰে জয় লাভ কৰি মুঠ 4-3 গ’লৰ ব্যৱধানত অগ্ৰগতি লৈ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় লিভাৰপুলে ৷ 1986 চনৰ পাচত এইয়া প্ৰথমবাৰৰ বাবে কোনো দলে প্ৰথম ছেমিফাইনেলত 3 গ’লেৰে পিচ পৰি থকাৰ পাচত ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ লিভাৰপুলৰ এই জয়ৰে ধাৰাবাহিক দ্বিতীয়বাৰৰ লগতে মুঠ নৱমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ফাইনেলত এজাক্স আৰু ট’ট্টেনহামৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিজয়ী হোৱা দলৰ বিৰুদ্ধে মুখামুখি হ’ব লিভাৰপুল ৷
liverpool enter in Champions league final
Conclusion: