ETV Bharat / sports

লা লীগা : ড্ৰ' সমাপ্ত এটলেটিক' মাদ্ৰিড বনাম এথলেটিক্ বিলবাঅ'ৰ মেচ

author img

By

Published : Jun 15, 2020, 1:37 PM IST

ডিয়াগ' কষ্টাৰ গ'লৰ বিনিময়ত 1-1 গ'লত সমাপ্ত লা লীগাৰ এটলেটিক' মাদ্ৰিড বনাম এথলেটিক্ বিলবাঅ'ৰ মেচ । এথলেটিক্ বিলবাঅ'ৰ তৰফৰ পৰা মেচখনত প্ৰথমটো গ'ল কৰিছিল ইকৰ মুনিনে ।

La Liga: Atletico Madrid play out 1-1 draw against Athletic Bilbao

স্পৰ্টছ ডেস্ক, 15 জুনঃ দেওবাৰে 1-1 গ'লত ড্ৰ'ত সমাপ্ত হয় লা লীগাত অনুষ্ঠিত হোৱা এটলেটিক' মাদ্ৰিড বনাম এথলেটিক্ বিলবাঅ'ৰ মাজৰ মেচখন । দুয়োটা ক্লাৱৰে লা লীগাৰ পুনৰ প্ৰত্য়াৱৰ্তনৰ পাচত এইখন আছিল প্ৰথমখন মেচ । COVID-১৯ মহামাৰীৰ পাচত যোৱা 12 জুনৰ পৰা পুনৰ আৰম্ভ হৈছে লা লীগা প্ৰতিযোগিতাৰ অন্যান্য মেচ সমূহ ।

মেচখনৰ 37 মিনিটত এথলেটিক্ বিলবাঅ'ৰ তৰফৰ পৰা ইকৰ মুনিনে প্ৰথমটো গ'ল কৰি দলটোক অগ্ৰগতি দিবলৈ সক্ষম হৈছিল যদিও ইয়াৰ দুই মিনিটৰ পাচতেই এটলেটিক' মাদ্ৰিডৰ ডিয়াগ' কষ্টাই এটা সুন্দৰ গ'ল কৰি সমতা স্থাপন কৰিবলৈ সক্ষম হয় । ইয়াৰ পাচত নিৰ্ধাৰিত সময় লৈ দুয়োটা দলে আৰু এটা গ'ল কৰিবলৈ সক্ষম নহয় । ফলত মেচখন 1-1 গ'লত ড্ৰ'ত সমাপ্ত হৈ ৰয় । পইণ্টছ টেবুলৰ ষষ্ঠ স্থানত এটলেটিক' মাদ্ৰিড অধিষ্ঠিত থকাৰ বিপৰীতে দশম স্থান দখল কৰি আছে এথলেটিক্ বিলবাঅ' দলটোৱে ।

আনহাতে দেওবাৰে আন এখন মেচত ৰিয়াল মাদ্ৰিডৰ হাতত 3-1 গ'লত পৰাস্ত হয় ইবাৰ দলটো । ইপিনে দেওবাৰেই মাল্ল'ৰ্কাৰ বিৰুদ্ধে 4-0 গ'লত জয়ী হয় বাৰ্চিলনা দলটো । য'ত লিয়নেল মেচীয়ে এটা গ'ল কৰিবলৈ সক্ষম হৈছিল । বৰ্তমানে লা লীগাৰ পইণ্ট টেবুলৰ শীৰ্ষস্থানত বাৰ্চিলোনা থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ৰিয়াল মাদ্ৰিড ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.