স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: আজিৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান চুপাৰ লীগ চমুকৈ আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ প্ৰথমখন মেচত মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ আৰু দুইবাৰৰ চেম্পিয়ন এটলেটিক’ ডি কলকাতা ৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব মেচখন ৷
ইপিনে পোন প্ৰথমবাৰৰ এইবাৰ সংযোজিত কৰা হৈছে ‘কুলিং ব্ৰেক’ৰ ব্যৱস্থা ৷ মেচৰ দুইটা হাফতে 90 ছেকেণ্ডৰ পৰা তিনি মিনিটলৈ এই সুবিধা লাভ কৰিব পাৰিব খেলুৱৈসকলে ৷ অৱশ্যে মেচ অনুষ্ঠিত হোৱা ঠাইৰ জলবায়ু বিশেষে এই ব্ৰেক কাৰ্যকৰী কৰা হ’ব ৷
এইবাৰৰ আই এছ এলৰ দল কেইটা হৈছে-
- এটলেটিক’ ডি কলকাতা
- বেংগালুৰু এফ চি
- চেন্নাই এফ চি
- এফ চি গোৱা
- নৰ্থ ইষ্ট ইউনাইটেড এফ চি
- মুম্বাই চিটি এফ চি
- কেৰালা ব্লাষ্টাৰ্ছ
- জামছেদপুৰ এফ চি
- হায়দৰাবাদ এফ চি
- উড়িশা এফ চি