ETV Bharat / sports

নৰ্থ ইষ্ট আৰু বাংগালুৰু টাই : দৰ্শকৰ বাবে মুকলি গুৱাহাটী ষ্টেডিয়াম

author img

By

Published : Dec 17, 2019, 11:40 PM IST

ফুটবলৰ দৰ্শকৰ বাবে মুকলি কৰা হৈছে গুৱাহাটী ষ্টেডিয়াম ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে ষ্টেডিয়াম মুকলি কৰা হৈছে ফুটবল অনুৰাগীৰ বাবে ৷

নৰ্থ ইষ্ট আৰু বাংগালুৰু টাই
দৰ্শকৰ বাবে মুকলি গুৱাহাটী ষ্টেডিয়াম

স্পৰ্টছ ডেস্ক,17 ডিচেম্বৰ : নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বাংগালুৰু এফ চিৰ মাজত বুধবাৰে অনুষ্ঠিত হ'ব আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে ব্যাপক প্ৰতিবাদ হৈ থকাৰ সময়তে ফুটবল অনুৰাগীৰ বাবে মুকলি কৰা হৈছে ষ্টেডিয়ামখন ৷

প্ৰকাশ পোৱা বিবৃতি অনুসৰি,"আই এছ এলৰ 40 সংখ্যক মেচখন গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু দৰ্শকৰ বাবে ষ্টেডিয়াম মুকলি কৰি দিয়া হৈছে ৷ আনহাতে, 4 বজাৰ পৰা ষ্টেডিয়ামৰ গেট মুকলি কৰা হ'ব ৷"

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থকাৰ ফলত দৰ্শকৰ অবিহনে মেচখন অনুষ্ঠিত হ'ব বুলি সোমবাৰে জানিবলৈ দিছিল Football Sports Development Limited য়ে ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে অসমত হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ ফলত 12 ডিচেম্বৰত চেন্নাইয়ান এফ চিৰ সৈতে নৰ্থ ইষ্ট ইউনাইটেডৰ মেচ পিছুৱাই দিয়া হৈছিল ৷

আৰু পঢ়ক : বুধবাৰেও বন্ধ থাকিব ৰাজ্যত ইণ্টাৰনেট সেৱা

Intro:

Body:.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.