স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ: আজি গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মুখামুখি হ’ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু ওড়িশা ফুটবল দল ৷ সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব এই উত্তেজনাপূৰ্ণ মেচখন ৷
নৰ্থ ইষ্ট দলটোৱে নিজৰ প্ৰথমখন মেচত ড্ৰ’ কৰাৰ বিপৰীতে ওড়িশা দলটোৱে নিজৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ৷ গতিকে ঘৰুৱা দৰ্শকৰ সন্মুখত আজি জয় লাভ কৰাৰ উদ্দেশ্যে খেলপথাৰত নামিব ৰবাৰ্ট জাৰ্নী পৰিচালিত নৰ্থ ইষ্ট ইউনাইটেড দলটো ৷ নৰ্থ ইষ্ট ইউনাইটেড দলটোৰ জয় বহু পৰিমাণে নিৰ্ভৰ কৰিব ঘানাৰ ফৰৱাৰ্ড আছাম’হ গ্যান,ক'লম্বিয়াৰ জ’ছ ডেভিড লিউডো,আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ মেক্সিমিলিয়ান’ বাৰৰিঅ'ৰ প্ৰদৰ্শনে ৷ ইপিনে আজিৰ মেচখনত অসমৰ ৰাকেশ প্ৰধানো খেলপথাৰত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷