স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: গৃহভূমিত জয় লাভ জামছেদপুৰ এফ চিৰ ৷ জে আৰ ডি টাটা স্পৰ্ছছ কমপ্লেক্সত অনুষ্ঠিত হোৱা মেচখনত হায়দৰাবাদৰ বিৰুদ্ধে জয় লাভ ঘৰুৱা দল জামছেদপুৰ এফ চিৰ ৷ 3-1 গ’লত জয় লাভ কৰিবলৈ সক্ষম হয় জামছেদপুৰ এফ চি ফুটবল দলটোৱে ৷ জামেছেদপুৰৰ এই জয়ত মুখ্য ভূমিকা পালন কৰে ফাৰুখ চৌধুৰী, অংকিত যাদৱ আৰু চেৰগিঅ’ কাষ্টেলে ৷ আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ দ্বিতীয়টো জয় লাভ জামছেদপুৰ এফ চিৰ ৷
-
.@JamshedpurFC cruised to victory at The Furnace! 🔥#JAMHYD #HeroISL #LetsFootball #TrueLove pic.twitter.com/CFBtAHcTMT
— Indian Super League (@IndSuperLeague) October 29, 2019 " class="align-text-top noRightClick twitterSection" data="
">.@JamshedpurFC cruised to victory at The Furnace! 🔥#JAMHYD #HeroISL #LetsFootball #TrueLove pic.twitter.com/CFBtAHcTMT
— Indian Super League (@IndSuperLeague) October 29, 2019.@JamshedpurFC cruised to victory at The Furnace! 🔥#JAMHYD #HeroISL #LetsFootball #TrueLove pic.twitter.com/CFBtAHcTMT
— Indian Super League (@IndSuperLeague) October 29, 2019
মেচখনত জামছেদপুৰৰ হৈ 34 মিনিটত প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় ফাৰুখ চৌধুৰীয়ে ৷ ইয়াৰ পাচতেই 45 মিনিটত হায়দৰাবাদৰ হৈ মাৰ্চেল’ পেৰেইয়াই গ’ল কৰি সমতা স্থাপন কৰে ৷
ইপিনে দ্বিতীয়াৰ্দ্ধত জামছেদপুৰ দলটোৱে যথেষ্ট উন্নত খেলৰ প্ৰদৰ্শন কৰি 58 মিনিটত অংকিত যাদৱৰ আৰু 75 মিনিটত চেৰগিঅ’ কাষ্টালৰ গ’ল বিনিময়ত 3-1 ৰে দলটোৰ জয় নিশ্চিত কৰে ৷ এই জয়ৰ পাচতেই পইণ্টছ টেবুলত 6 পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে জামছেদপুৰ এফ চি য়ে ৷ আনহাতে 2 খন মেচতেই পৰাজয়বৰণ কৰি অন্তিম স্থানত আছে হায়দৰাবাদ এফ চি দলটো ৷