ETV Bharat / sports

আইএছএল 6: আজি এটিকে বনাম চেন্নাইয়ান এফ চি - কলকাতাত এটিকে বনাম চেন্নাইয়ান এফ চি

এটিকেৰ সন্মুখত আজি আইএছএলৰ এখন মেচত যুঁজত অৱতীৰ্ণ হ’ব চেন্নাইয়ান এফ চি ৷ এটিকেক পৰাস্ত কৰি অন্তিম 4 ৰ দিশে অগ্ৰসৰৰ চেষ্টা চলাব চেন্নাইয়ান এফ চিয়ে ৷

আজি আইএছএলত এটিকে বনাম চেন্নাইয়ান এফ চি

author img

By

Published : Feb 16, 2020, 4:10 PM IST

স্পৰ্টছ ডেস্ক, 16 ফেব্ৰুৱাৰীঃ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীয় ক্ৰীড়াংগনত আজি মুখামুখি হ’ব চেন্নাইয়ান এফ চি আৰু এথলেটিক’ ডি কলকাতা ৷ চেন্নাই দলটোৱে জয় লাভৰে ষষ্ঠ স্থানৰ পৰা পঞ্চম স্থানলৈ পদোন্নতি কৰাৰ বিপৰীতে এটিকেৰ লক্ষ্য হ’ব প্ৰথম স্থানত অধিষ্ঠিত হোৱাৰ ৷

আইএছএল 6 পইণ্টছ টেবুল
আইএছএল 6 পইণ্টছ টেবুল

এটিকেয় বৰ্তমানলৈকে 16 মেচত 33 পইণ্ট লাভ কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে চেন্নাইয়ান এফ চি দলটোৱে 15 খন মেচত 22 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে প্লে অফত স্থান লাভ কৰিছে এটিকে দলটোৱে ৷ যদিহে আজিৰ মেচখনত এটিকে দলটোৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় তেন্তে টুৰ্ণামেণ্টত তেওঁলোকৰ এইটো ধাৰাবাহিক পঞ্চমটো জয় লাভ হ’ব ৷ দলটোৰ ৰয় কৃষ্ণাই টুৰ্ণামেণ্টখনত সৰ্বাধিক গ’ল কৰা খেলুৱৈৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ৷ খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে 13 টা গ’ল কৰিবলৈ সক্ষম হৈছে ৷

এটিকে দলটোৰ প্ৰশিক্ষক এণ্টনিয়’ হবাছে কয়, দলটোৱে যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, দলটোৱে বৰ্তমান প্ৰদৰ্শনৰ সুন্দৰ ধাৰা অব্যাহত ৰাখিছে ৷ এইয়া আমি আগলৈয়ো ৰাখিবলৈ যত্ন কৰিম ৷ চেন্নাইয়ান আমাৰ প্ৰতিদ্বন্দী আৰু আমি জয়ৰ চেষ্টা চলাম ৷ এইয়া এক সুন্দৰ সুযোগ ৷ দুয়োটা দলে উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ আমাৰ লক্ষ্য প্ৰত্যেক মেচৰ দৰে এটাই হ’ব সেইটো হৈছে জয় লাভ ৷

এণ্টনিয়’ হবাছে
এণ্টনিয়’ হবাছে

ইপিনে চেন্নাইয়ান দলটোৰ প্ৰশিক্ষক অ’বেন কাইলেয়ে কয়, এটিকেয়ে শীৰ্ষ স্থান দখল কৰিবলৈ যথোপযুক্ত চেষ্টা চলাব ৷ আনহাতে আমাৰ লক্ষ্য হ’ব অন্তিম চতুৰ্থত স্থান লাভ কৰিবলৈ তিনি পইণ্ট অৰ্জন কৰা ৷ মই জানো এটিকে এটা শক্তিশালী দল ইপিনে মোৰ বিশ্বাস তেওঁলোকেও জানে আমাৰ দলটো শক্তিশালী ৷ আমি এটিকে দলটোক সন্মান কৰো ৷ আমি তেওঁলোকক শংকিত কৰিবলৈ নহয় পৰাস্ত কৰিবলৈ ইয়ালৈ আহিছো ৷ গতিকে আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবই লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.