নিউজ ডেস্ক, 10 এপ্ৰিলঃ মঙলবাৰে ভাৰতীয় মহিলা ফুটবল দলে ম্যানমাৰৰ বিৰুদ্ধে 3-3 গ'লত ড্ৰ' খেলাৰ পাছতে অলিম্পিক কোৱালিফায়িঙত ভাৰতৰ প্ৰৱেশৰ আশাত চেঁচা পানী পৰে ৷ 2020 চনৰ অলিম্পিকত প্ৰৱেশৰ পূৰ্বে অনুষ্ঠিত হোৱা এই কোৱালিফায়িঙত তৃতীয় ৰাউণ্ডত প্ৰৱেশৰ পূৰ্বে বিদায় মাগে ভাৰতীয় দলে ৷ তিনিখন মেচতে 7 পইন্ট দখলেৰে ভাৰত আৰু ম্যানমাৰ সম পৰ্যায়ত আছিল যদিও ঘৰুৱা দলটোৱে শ্ৰেষ্ঠ গলৰ ওপৰত ভিত্তি কৰি তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷
ম্যানমাৰৰ মন্দালাৰ থিৰি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতৰ হৈ সন্ধিয়া ৰংগনাথনে 10 মিনিট, সঞ্জুৱে 32 মিনিট আৰু ৰতনৱালা দেৱীয়ে 64 মিনিটত গল কৰে ৷ ইয়াৰ পাছতে ম্যানমাৰৰ হৈ হেট্ৰিক দখলেৰে উইন টুনে 17, 21 আৰু 72 মিনিটত গল কৰে ৷
উল্লেখ্য যে, ফিফা ৰেংকিঙৰ তালিকাত ভাৰতীয় মহিলা ফুটবল দলৰ স্থান 62 সংখ্যক হোৱাৰ পৰিৱৰ্তে ম্যানমাৰৰ ৰেংকিঙ 42 সংখ্যক ৷