ETV Bharat / sports

দ্বিতীয় আন্তৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ ফুটবল মেচত পৰাস্ত ভাৰত

author img

By

Published : Mar 30, 2021, 12:09 PM IST

আৰৱ গণৰাজ্যৰ হাতত 6-0 গ'লৰ ব্যৱধানত পৰাজয়বৰণ ভাৰতীয় ফুটবল দলৰ ৷ সোমবাৰে অনুষ্ঠিত দ্বিতীয় আন্তৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ ফুটবল মেচখনত পৰাস্ত হয় ভাৰতীয় দলটো ৷

দ্বিতীয় আন্তৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ ফুটবল মেচত পৰাস্ত ভাৰত
দ্বিতীয় আন্তৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ ফুটবল মেচত পৰাস্ত ভাৰত

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : আৰৱ গণৰাজ্যৰ হাতত 6-0 গ'লৰ ব্যৱধানত পৰাজয়বৰণ ভাৰতীয় ফুটবল দলৰ ৷ সোমবাৰে অনুষ্ঠিত দ্বিতীয় আন্তৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ ফুটবল মেচখনত পৰাস্ত হয় ভাৰতীয় দলটো ৷

শেহতীয়া মেচসমূহৰ ভিতৰত এয়া ইগৰ ষ্টিমেকৰ দলটোৰ অন্যতম লজ্জাজনক পৰাজয় ৷ ভাৰতীয় দলটোয়ে এটাও শ্বট গ'ললৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম নহ'ল ৷

আৰৱ গণৰাজ্যৰ হৈ ষ্ট্ৰাইকাৰ আলি মাবখাউতে 12 মিনিট, 32 মিনিট আৰু 60 মিনিটত হেটট্ৰিক অৰ্জন কৰে ৷ আনহাতে, খালিল ইব্ৰাহিম (64 মিনিট) আৰু ফেবিঅ' লিমাই (71 আৰু 84 মিনিট) ত গ'ল কৰে ৷

উল্লেখ্য যে, অমানৰ বিৰুদ্ধে 25 মাৰ্চত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতে 1-1 ত ড্ৰ' খেলিছিল ৷ আৰৱ গণৰাজ্যৰ দলটোয়ে নিজৰ বিচক্ষণতা প্ৰদৰ্শন কৰাৰ বিপৰীতে ক'ভিডত আক্ৰান্ত ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰীৰ অবিহনে ভাৰতীয় দলটোক দূৰ্বল দেখা যায় ৷

আনহাতে, 27 গৰাকী সদস্যৰ স্কোৱাডৰ পৰা নতুন খেলুৱৈক লৈ পৰীক্ষণ কৰাৰ বাবে মুখ্য ডিফেণ্ডাৰ সন্দেশ জিংগানক সোমবাৰৰ মেচত অব্যাহতি দিয়া হৈছিল ৷

অমানৰ বিৰুদ্ধে ড্ৰ' খেলি কিছু আত্মবিশ্বাস লাভ কৰিছিল বৰ্তমান ফিফা ৰেংকিং তালিকাৰ 104 সংখ্যক স্থানত থকা ভাৰতীয় দল ৷ কিন্তু আৰৱ গণৰাজ্যৰ বিৰুদ্ধে দূৰ্বলতম প্ৰদৰ্শন কৰে দলটোৱে ৷

লগতে পঢ়ক : ৰোড ছেফটী ছিৰিজত অংশগ্ৰহণকাৰী চতুৰ্থ ক'ভিড আক্ৰান্ত ক্ৰিকেটাৰ পাঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.