গুৱাহাটী, 5 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ মাজতেই গুৱাহাটীবাসী তথা ফুটবল অনুৰাগীৰ বাবে আহিছে সুখবৰ ৷ অহা ৯ অক্টোবৰত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি মাজত বন্ধুত্বপূৰ্ণ ফুটবল মেচ । ইতিমধ্যেই খেলখনৰ বাবে গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ফুটবল দল ।
শনিবাৰে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত এক সংবাদমেল সম্বোধন কৰি ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক ইগৰ ষ্টিমেকে জনালে খেলখনকলৈ দলটোৰ প্ৰস্তুতিৰ কথা । ভাৰতীয় দলটোৰ মূল লক্ষ্য হৈছে ১৫ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া ফিফা কোৱালিফাইঙৰ মেচখনৰ বাবে অনুশীলন কৰা । পূৰ্বৰ তুলনাত ভাৰতীয় দল যথেষ্ট শক্তিশালী হৈছে বুলিও মন্তব্য কৰি অনাগত দিনত এই ধাৰা অব্যাহত থাকিলে এছিয়াৰ শীৰ্ষ স্থানত ভাৰতীয় ফুটবল উপনীত হ’ব বুলি কয় প্ৰশিক্ষকগৰাকীয়ে ।
উল্লেখযোগ্য যে, পোনপ্ৰথমবাৰৰ বাবে এনেদৰে আই এছ এলৰ ফুটবল ক্লাৱে এটা ৰাষ্ট্ৰীয় দলৰ সৈতে মুখামুখি হ'ব । প্ৰায় এমাহ পূৰ্বে গুৱাহাটীৰ সৰুসজাই খেলপথাৰতে ওমানৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল ভাৰতীয় দলটো ।