ETV Bharat / sports

মুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক

author img

By

Published : Oct 31, 2019, 9:56 PM IST

শনিবাৰে মুকলি কৰা হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ 2020 ৰ প্ৰতীক চিহ্ন ৷ আনুষ্ঠানিক ভাৱে ভাৰতৰ মুম্বাই চহৰত মুকলি কৰা হ’ব এই প্ৰতীক চিহ্নটো ৷

মুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক

স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী আৰু ফিফাৰ মুখ্য মহিলা অধিকাৰীৰ উপস্থিতিত শনিবাৰে মুকলি কৰা হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ 2020 ৰ প্ৰতীক চিহ্ন ৷ আনুষ্ঠানিক ভাৱে মুম্বাইৰ গেটৱে অফ ইণ্ডিয়াত মুকলি কৰা হ’ব এই প্ৰতীক চিহ্নৰ ৷

গেটৱে অফ ইণ্ডিয়া
গেটৱে অফ ইণ্ডিয়া

এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু ,ফিফাৰ মুখ্য মহিলা অধিকাৰী ছাৰা বেয়ৰমন, ফিফা তথা স্থানীয় আয়োজন সমিতিৰ অধ্যক্ষ প্ৰফুল্ল পটেল, ভাৰতীয় খেলুৱৈৰ লগতে দুইবাৰৰ বিশ্বকাপ চেম্পিয়ন ক্ৰিষ্টিন ললী ৷ আগন্তুক বৰ্ষত ভাৰতত অনুষ্ঠিত হ’ব 2020 ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ ৷ উল্লেখ্য যে, 2017 চনত ভাৰতে সফল ভাৱে আয়োজন কৰিছিল পুৰুষৰ ফিফা অনুৰ্ধ্ব-17 বিশ্বকাপ ৷

ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ 2020
ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ 2020

এই সন্দৰ্ভত প্ৰতিযোগিতা আয়োজনৰ স্থানীয় সমিতিৰ পৰিচালক ৰোমা খান্নাই কয়, আমাৰ বাবে এইটো ঐতিহাসিক ক্ষণ ৷ 2 নৱেম্বৰত আনুষ্ঠানিক ভাৱে এই প্ৰতিযোগিতাৰ প্ৰতীক মুকলি কৰা হ’ব ৷ ইয়াৰ লগে-লগে এই প্ৰতিযোগিতাৰ বাবে থাকিব সম্পূৰ্ণ এবছৰ সময় ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.