নিউজ ডেস্ক, 22 এপ্ৰিলঃ UEFA ৰ উপ সভাপতি চেণ্ডৰ ছেনীয়ে কয় যে, ইউৰোপীয়ান ছেম্পীয়নশ্বিপৰ প্লে'অফৰ খেলসমূহ পিছুওৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছে । অক্টোবৰ বা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব পাৰে প্লে'অফৰ খেল । ইতিমধ্যে এবছৰ পলমকৈ অনুষ্ঠিত হৈছিল ইউৰো-2020 ।
লগতে তেওঁ এইবুলিও জনাই যে, অক্টোবৰ বা নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱণা আছে যদিও কৰ'ণা ভাইৰাছ মহামাৰীয়ে এতিয়াও অনিশ্চয়তাৰ সৃষ্টি কৰি আছে ।
UEFA ৰ অন্তৰ্গত 55 খন দেশেই অক্টোবৰ নৱেম্বৰত ঘৰুৱা লীগৰ সূচী প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে ।
আনহাতে, স্পেনীছ ফুটবল লীগ (লা-লীগা) আৰু স্পেনীছ ফুটবল ফেডাৰেছনে এটি ঘোষণাৰ জৰিয়তে চুক্তিৰ কথা জনাই । তেওঁলোকে চলিত ছে'চনৰ বাকী ৰোৱা খেল সমূহ শীঘ্ৰেই সমাপ্ত কৰাৰ চেষ্টা কৰিছে । চৰকাৰৰ অনুমতি পালেই প্ৰট'কল মানি খেলুৱৈ সকলে মে'ৰ মাজৰ পৰা অনুশীলনত নমাৰ সম্ভাৱণা আছে ।
লগতে পঢ়কঃ 1.72 লাখ কৰ দাতালৈ আয়কৰ বিভাগৰ ই-মেইল প্ৰেৰণ