ETV Bharat / sports

ইংলিছ প্ৰীমিয়াৰ লীগ : খিতাপ দখলৰ দিশত লিবৰপুল !

author img

By

Published : Jun 25, 2020, 5:02 PM IST

ক্ৰীষ্টেল পেলেচক পৰাস্ত কৰি ইংলিছ প্ৰীমিয়াৰ লীগৰ খিতাপ দখলৰ নিচেই কাষত উপনীত লিবৰপুল । বৃহস্পতিবাৰে অনুষ্ঠিত মেচত মেনচেষ্টাৰ চিটিয়ে চেল্সীক পৰাস্ত কৰিবলৈ বিফল হয় তেন্তে বিনা প্ৰতিদ্বন্দিতাৰে খিতাপ দখল কৰিবলৈ সক্ষম হ'ব লিবৰপুল দলটোৱে । বুধবাৰে ক্ৰীষ্টেল পেলেচক 4-0 গ'লত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল লিবৰপুল দলটোৱে ।

EPL: Liverpool on brink of title after beating Crystal Palace 4-0

স্পৰ্টছ ডেস্ক, 25 জুনঃ 30 বছৰ পাচত ইংলিছ প্ৰীমিয়াৰ লীগৰ খিতাপ জয়ৰ নিচেই কাষত উপনীত হৈছে লিবৰপুল ফুটবল ক্লাৱ । বুধবাৰে ক্ৰীষ্টেল পেলেচৰ বিৰুদ্ধে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ মেচত 4-0 গ'লত জয় লাভ কৰাৰ পাচতেই খিতাপ জয়ৰ নিচেই কাষ চাপিছে দলটো ।

ইংলিছ প্ৰীমিয়াৰ লীগ : খিতাপ দখলৰ নিচেই কাষত উপনীত লিবৰপুল

বৃহস্পতিবাৰে হ'বলগীয়া মেনচেষ্টাৰ চিটী আৰু চেল্সীৰ মেচখনত যদি চেল্সীক পৰাজিত কৰিবলৈ সক্ষম নহয় তেন্তে বিনা প্ৰতিদ্বন্দিতাৰেই প্ৰীমিয়াৰ লীগৰ খিতাপ জয় কৰিবলৈ সক্ষম হ'ব লিবৰপুল দলটোৱে । বৃহস্পতিবাৰে প্ৰীমিয়াৰ লীগৰ দ্বিতীয় স্থানত থকা ডিফেণ্ডিং চেম্পিয়ন মেনচেষ্টাৰ চিটী চেল্সীৰ বিৰুদ্ধে খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব ।

এই সন্দৰ্ভত ক্ল'পে কয়, ''মই আজি আনন্দ উদযাপনৰ তৈয়াৰ বাবে খেলখন নাচাওঁ, মই আগন্তুক সপ্তাহত চিটীৰ সৈতে বিপক্ষে খেলাৰ দৃষ্টিভংগীৰে মেচখন চাম । বৃহস্পতিবাৰে নিশা যিয়ে পৰিণাম নহক তাৰ ওপৰত আমাৰ কোনো প্ৰভাৱ নাই । সেয়েহে আমি সত্যনিষ্ঠ হ'বলৈ অধিক বেছি আগ্ৰহী নহয়''।

এতিয়া ক'ল্পাৰ দলটোৰ বাবে বাকী থকা 7 খন মেচত অতিকৈ বেছি দুই পইণ্ট লাভ কৰাৰ লক্ষ্য থাকিব খিতাপ দখল কৰাৰ বাবে । পেলেচৰ বিৰুদ্ধে জয় লাভৰ পাচতেই মেন চেষ্টাৰ চিটীতকৈ 23 পইণ্টৰ অগ্ৰগিত লৈ আছে লিবৰপুলে । চেল্সী আৰু চিটীৰ মাজত চিটীয়ে জয় লাভ কৰিলেও লিবৰপুল দলটোৰ বাবে অধিক চিন্তাৰ কাৰণ নাই । কাৰণ আৰু দুই পইণ্ট লাভ কৰিব সক্ষম হ'লেই খিতাপৰ অধিকাৰী হ'ব লিবৰপুল ।

লিবৰপুলে অন্তিম বাৰৰ বাবে ইংলিছ প্ৰীমিয়াৰ লীগৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল 1990 চনত ।

বৰ্তমানে এই প্ৰতিযোগিতাত লিবৰপুলৰ 31 খন মেচত 86 পইণ্টছ থকাৰ বিপৰীতে মেনচেষ্টাৰ চিটিৰ 30 খন মেচত আছে 63 পইণ্টছ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.