ETV Bharat / sports

কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ডেনমাৰ্কৰ

author img

By

Published : Oct 13, 2021, 11:24 AM IST

ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰা দ্বিতীয়টো দল হৈছে ডেনমাৰ্ক ৷ ইয়াৰ পূৰ্বে জাৰ্মানীয়ে ফিফা বিশ্বকাপত স্থান নিশ্চিত কৰিছিল ৷

denmark qualify for 2022 qatar world cup
কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ডেনমাৰ্কৰ

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ : কাটাৰত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপ ২০২২ লৈ যোগ্যতা অৰ্জন কৰিছে ডেনমাৰ্কে ৷ মঙলবাৰে গ্ৰুপ এফত অনুষ্ঠিত খেলখনত দলটোৱে নিজৰ স্থান সুৰক্ষিত ৰাখিবলৈ সক্ষম হয় । ইয়াৰ লগতে ডেনমাৰ্ক ফিফা বিশ্বকাপ ২০২২ লৈ যোগ্যতা অৰ্জন কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয় ৷

ডেনমাৰ্কৰ পাৰ্কেৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত আয়োজক দলটোৱে অষ্ট্ৰিয়াক পৰাস্ত কৰি ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে ৷ আয়োজক দেশখনে অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ'লৰ ব্যৱধানত জয়লাভ কৰে ৷ তেওঁলোকে দ্বিতীয় স্থানত থকা স্কটলেণ্ডৰ ওপৰত সাত পইণ্টৰ অপৰাজিত অগ্ৰগতি লাভ কৰি গ্ৰুপ এফৰ যোগ্যতা অৰ্জনৰ শীৰ্ষত থাকে ।

ডেনমাৰ্কৰ হৈ জোয়াকিম মেহেলে ৫৩ মিনিটত দিয়া গ'লটোৰ সহায়ত তেওঁলোকে ক্ৰমাগতভাৱে অষ্টমখন কোৱালিফায়িঙত জয় লাভ কৰে । ডেনমাৰ্কৰ পূৰ্বে সোমবাৰে জাৰ্মানীয়ে প্ৰথম দল হিচাপে ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছিল ৷

লগতে পঢ়ক : RCB ৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.