ETV Bharat / sports

৮ জুনৰ পৰা পুনৰ "ইংলিছ প্ৰীমিয়াৰ লীগ" আৰম্ভ কৰাৰ পৰিকল্পনা

author img

By

Published : Apr 26, 2020, 11:21 AM IST

COVID-১৯ ৰ বাবে আধাতেই স্থগিত হৈ ৰোৱা জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা ইংলিছ প্ৰীমিয়াৰ লীগৰ পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা চলাই থকা হৈছে । টুৰ্ণামেণ্টখনৰ এতিয়াও ৯২ খন মেচ অনুষ্ঠিত হ'বলগীয়া আছে । যোৱা ১৩ মাৰ্চত মাজতেই স্থগিত কৰা হৈছিল প্ৰতিযোগিতাখন ।

COVID-19: Premier League 'aims to resume on June 8'

স্পৰ্টছ ডেস্ক, ২৬ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বাবে বিশ্ব ক্ৰীড়া জগতৰ সকলো কাৰ্যকলাপ বন্ধ হৈ থকাৰ মাজতেই ফুটবল ক্ৰীড়া প্ৰেমীলৈ আহিছে এক সুখবৰ । ৮ জুনৰ পৰা পুনৰ ফুটবল জগতৰ জনপ্ৰিয় প্ৰতিযোগিতা "ইংলিছ প্ৰীমিয়াৰ লীগ" চমুকৈ ইপিএল আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চলাই থকা হৈছে । আশা কৰা হৈছে যদিহে ৮ জুনত পুনৰ আৰম্ভ হয় তেন্তে প্ৰতিযোগিতাখনৰ অন্ত পৰিব ২৭ জুলাইত ।

ইংলিছ প্ৰীমিয়াৰ লীগ
ইংলিছ প্ৰীমিয়াৰ লীগ

বৰ্তমানো এই প্ৰতিযোগিতাৰ ৯২ খন মেচ অনুষ্ঠিত হ'বলৈ বাকী আছে । যোৱা ১৩ মাৰ্চত কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাজতেই স্থগিত কৰা হৈছিল টুৰ্ণামেণ্টখন । আনহাতে টুৰ্ণামেণ্টখনত সুন্দৰ প্ৰদৰ্শন কৰি থকা লিভাৰপুল দলটোৱে পোন-প্ৰথমবাৰৰ বাবে ইপিএলৰ খিতাপ জয়ৰ নিচেই কাষত অৱস্থিত হৈ আছে ।

জানিব পৰা মতে, ৪০০ দৰ্শকৰ উপস্থিতিত বাকী সমূহ মেচ অনুষ্ঠিত কৰাৰ জল্পনা-কল্পনা চলা থকা হৈছে । প্ৰজেক্ট ৰি-ষ্টাৰ্টৰ চিন্তা হাতত লৈয়ে প্ৰীমিয়াৰ লীগৰ মালিক সকলে এই সন্দৰ্ভত ব্ৰিটিছ চৰকাৰ আৰু অন্যান্য ক্ৰীড়া সংস্থাৰ সৈতে আলোচনা কৰিছে ।

অৱশ্যে প্ৰতিযোগিতা পুনৰ আৰম্ভ কৰাৰ পূৰ্বে অন্যান্য বহু কেইটা দিশো পৰ্যালোচনা কৰাৰ অত্যন্ত প্ৰয়োজন । ইয়াৰ ভিতৰতে আছে দল পৰিচালনা কৰিবলৈ তথা খেলুৱৈ সকলৰ পোছাক ইত্যাদি সলনি কৰা স্থান নিৰ্ধাৰণ কৰা, প্ৰশিক্ষণ বা অনুশীলনৰ স্থান, সময় সুনিশ্চিত কৰা, সামাজিক দূৰত্ব নিয়ম মানি চলা, আনকি খেল পথৰাত খেলুৱৈ অৱতীৰ্ণ হোৱাৰ পূৰ্বে খেলুৱৈৰ পৰীক্ষা কৰা ইত্যাদি । গতিকে এই পৰিকল্পনা কিমান দূৰ সফল হ'ব নে নাই সেইয়া এতিয়া সময়ত হে গম পোৱা যাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.