ETV Bharat / sports

COVID-19 প্ৰভাৱ : সদস্য় সংঘলৈ আগতীয়া পেমেন্ট ফিফাৰ

author img

By

Published : Apr 25, 2020, 11:42 PM IST

সদস্য় সংঘসমূহলৈ ফিফাই প্ৰদান কৰিব আগতীয়া পেমেন্ট ৷ 211 সদস্য সংঘৰ প্ৰতিখনে ফিফাৰ পৰা লাভ কৰিব 6 মিলিয়ন আমেৰিকান ডলাৰকৈ ৷

COVID-19 প্ৰভাৱ
সদস্য় সংঘলৈ আগতীয়া পেমেন্ট ফিফাৰ

স্পৰ্টছ ডেস্ক, 25 এপ্ৰিল : Federation Internationale de Football Association (FIFA) য়ে শনিবাৰে প্ৰকাশ কৰিছে যে, কৰ'ণা ভাইৰাছৰ ফলত অতিৰিক্ত ব্য়য় বহন কৰিবলগা হোৱা বাবে সদস্য সংঘসমূহলৈ তেওঁলোকে 500,000 আমেৰিকান ডলাৰৰ আগতীয়া পেমেন্ট প্ৰদান কৰিছে ৷

প্ৰতি চাৰি বছৰীয়া বিশ্বকাপ চক্ৰৰ বাবে 211 সদস্য সংঘৰ প্ৰতিখনে ফিফাৰ পৰা লাভ কৰিব 6 মিলিয়ন আমেৰিকান ডলাৰকৈ ৷

ফিফাই লগতে কয় যে, জুলাই মাহত আৰু যোৱা বছৰত প্ৰদান কৰিবলৈ থকা কিছু টকাও কিছুদিনৰ ভিতৰতে পৰিশোধ কৰা হ'ব ৷ এই টকা পৰিশোধৰ পূৰ্বে ফিফাই কিছু মাপকাঠী উল্লেখ কৰিছে যদিও সদস্য সংঘসমূহলৈ এই টকা প্ৰদান কৰাটো নিশ্চিত ৷

ফিফাৰ সভাপতি জিয়ানি ইনফানটিনোই কয় যে, ফিফাৰ বহু দায়িত্ব আছে আৰু প্ৰয়োজনীয় সময়ত তেওঁলোকে সহায় আগবঢ়াবলৈ সদায় সাজু ৷ ফিফাই পূৰ্বেই কৈছিল যে, তেওঁলোকে আপাতকালীন কোষত জমা ৰখা 2.7 বিলিয়ন ডলাৰৰ পৰা কিছু ধন পৰিশোধ কৰিব ৷

উল্লেখ্য যে, COVID-19 সংকটৰ ফলত 2020 চেম্পিয়নশ্বিপ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.