স্পৰ্টছ,23 ডিচেম্বৰ: মহামাৰী ক’ভিড 19ত আক্ৰান্ত ইংলেণ্ডৰ মহিলা ফুটবল ক্লাৱৰ সদস্য ৷ শীৰ্ষ দুটা ফুটবল লীগৰ 864 গৰাকী খেলুৱৈৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত 32 গৰাকী খেলুৱৈৰ দেহত ধৰা পৰে ক’ভিড 19 পজিটিভ ৷
ইংলেণ্ডৰ ফুটবল সংস্থাই ঘোষণা কৰা অনুসৰি মহিলা চুপাৰ লীগ আৰু মহিলা চেম্পিয়নশ্বিপৰ ক্লাৱ সমূহত কৰা সাপ্তাহিক পৰীক্ষাত ধৰা পৰা এইটোৱেই ক’ভিড 19ৰ সৰ্বোচ্চ সংখ্যা ৷ সম্প্ৰতি বৃটিছ গণৰাজ্যত পোহৰলৈ অহা ক’ভিড 19ৰ নতুন ধৰণক লৈ সৃষ্টি হোৱা উৎসুকতাৰ মাজতে মহিলা খেলুৱৈ সকলৰ মাজত পোহৰলৈ আহিছে এই সংক্ৰমণৰ ঘটনা ৷
ইয়াৰ পূৰ্বে 19ৰ পৰা 25 অক্টোবৰৰ মাজত এটি সপ্তাহত 10 টা দলৰ মাজত চলোৱা স্বাস্থ্য পৰীক্ষাত সৰ্বাধিক পজিটিভ ধৰা পৰিছিল ৷ দেওবাৰে শেষৰখন খেল খেলাৰ পিছত সম্প্ৰতি জানুৱাৰী পৰ্যন্ত শীতৰ বিৰতিত আছে দলকেইটা ৷
আনহাতে, WSL চেম্পিয়নশ্বিপত মহামাৰীৰ প্ৰকোপ দেখা দিয়াৰ বাবে টেটেনহামৰ আৰু চেলছিৰ মাজৰ খেলখন বিগত সপ্তাহত স্থগিত ৰখা হৈছিল ৷
লগতে পঢ়ক-দ্বিতীয় টেষ্টৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছে ভাৰতীয় দলে