স্পৰ্টছ ডেস্ক, ১২ নৱেম্বৰ: ২০২২ বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে কাটাৰত অনুষ্ঠিত হ'ব FIFA বিশ্বকাপ । এতিয়া বিশ্বকাপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জনৰ যুঁজত নামিছে বিভিন্ন দেশৰ ফুটবল দলবোৰ । ২০২২ৰ FIFA বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা দক্ষিণ আমেৰিকাৰ প্ৰথম দল হিচাপে পৰিগণিত হৈছে ব্ৰাজিল । বৃহস্পতিবাৰে ১-০ গ'লত কলম্বিয়াক পৰাভূত কৰে ব্ৰাজিলে ।
খেলখন আৰম্ভ হোৱাৰ ৭২ মিনিটত লুকাছ পাকেটাই ব্ৰাজিলৰ হৈ একমাত্ৰ গ'লটো দিয়ে । আনহাতে, বৰ্তমান চতুৰ্থ স্থানত থকা চিলিতকৈ ব্ৰাজিল ১৮ পইণ্টত আগবাঢ়ি আছে । দক্ষিণ আমেৰিকাৰ শীৰ্ষ চাৰিটা দলে বিশ্বকাপত পোনপটীয়াকৈ প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰে । তৃতীয় স্থানত থকা ইকুৱেডৰে ভেনিজুৱেলাক ১-০ গ'লত পৰাস্ত কৰে ।
এই পৰাজয়ৰ ফলত ভেনিজুৱেলা অন্তিম স্থানত থাকিবলগীয়া হৈছে । ইফালে, চিলিয়ে পাৰাগুৱেৰ বিৰুদ্ধে ১-০ গ'লত জয় লাভ কৰে । এণ্টনি চিলভায়ে চিলিৰ হৈ একমাত্ৰ গ'লটো দিয়ে । উৰুগুৱেই শুকুৰবাৰে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলপথাৰত নামিব ।
লগতে পঢ়ক:টি-20 বিশ্বকাপ: পাকিস্তানক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ