স্প’ৰ্টছ ডেস্ক, 23 অক্টোবৰ: সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰে যে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে আঘাতপ্ৰাপ্ত বেগী বলাৰ ৰিছ টপলীৰ সলনি খেলুৱৈ হিচাপে 15 জনীয়া বিশ্বকাপ দলত অনভিজ্ঞ পেচাৰ ব্ৰাইডন কাৰ্ছক অন্তৰ্ভুক্ত কৰিছে ।
-
Brydon Carse will replace Reece Topley in our World Cup squad for the remainder of the tournament.
— England Cricket (@englandcricket) October 23, 2023 " class="align-text-top noRightClick twitterSection" data="
Welcome, Carsey 🙌 #EnglandCricket | #CWC23 pic.twitter.com/DrDzkDbUeU
">Brydon Carse will replace Reece Topley in our World Cup squad for the remainder of the tournament.
— England Cricket (@englandcricket) October 23, 2023
Welcome, Carsey 🙌 #EnglandCricket | #CWC23 pic.twitter.com/DrDzkDbUeUBrydon Carse will replace Reece Topley in our World Cup squad for the remainder of the tournament.
— England Cricket (@englandcricket) October 23, 2023
Welcome, Carsey 🙌 #EnglandCricket | #CWC23 pic.twitter.com/DrDzkDbUeU
শনিবাৰে মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা লীগ মেচখনৰ সময়ত ইংলেণ্ডৰ বলাৰ ৰিছ টপলিয়ে বাওঁহাতৰ তৰ্জনী আঙুলিত আঘাত পাইছিল ৷ পিচত পৰীক্ষাত তেওঁৰ আঙুলি ভাঙি যোৱা বুলি ধৰা পৰে ৷ ফলত এই প্ৰতিযোগিতাখনৰ বাকীকেইখন খেলৰ পৰা বাদ দিব লগীয়া হয় টপলিক ৷
যোৱাবাৰৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য জোফ্ৰা আৰ্চাৰক দলত অন্তৰ্ভুক্তিৰ সুবিধা আছিল যদিও বর্তমানৰ চেম্পিয়ন দলটোৱে ব্রাইডন কাৰ্ছক বাছি লয় ৷ প্ৰয়োজনীয়তা অনুসৰি কাৰ্ছক ইংলেণ্ডৰ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰতিযোগিতাখনৰ ইভেণ্ট টেকনিকেল কমিটীয়ে অনুমোদন জনায় ।
ক্ৰিকেট কেৰিয়াৰত ব্ৰাইডন কাৰ্ছে নিজৰ দেশৰ হৈ মাত্ৰ 12 খন এদিনীয়া খেল খেলিছে যদিও জুলাই মাহত পাকিস্তানৰ বিৰুদ্ধে পাঁচ উইকেট সংগ্ৰহ আৰু পৰৱৰ্তী সময়ত ঘৰুৱা ক্ষেত্ৰত নেদাৰলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে বিধ্বংসী প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰিছিল ।
চলি থকা বিশ্বকাপ 2023 ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ পৰৱৰ্তী মেচ বৃহস্পতিবাৰে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে আছে ৷ ছেমি ফাইনেল বাৰ্থৰ দৌৰত তিষ্ঠি থাকিবলৈ কাৰ্ছক লৈ দলটো বিজয়ৰ সন্ধানেৰে ক্ৰীজত নামিব ৷
চাৰিখন মেচৰ তিনিখন খেলত পৰাস্ত হৈ বৰ্তমান ইংলেণ্ড পইন্ট তালিকাত নৱম স্থানত আছে । অহা দেওবাৰে লক্ষ্ণৌত তেওঁলোকে অভাৰৱেলিং ফেভাৰিট ভাৰতৰ বিৰুদ্ধে খেলিব । ভাৰতে বৰ্তমানলৈকে এই টুৰ্ণামেন্টৰ পাঁচখন খেল খেলি পাঁচোখনতে জয়লাভ কৰিছে ৷ দেওবাৰে নিউজীলেণ্ডক পৰা কৰাৰ পিচত পইন্ট তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে ভাৰতে ৷
লগতে পঢ়ক: Chase Master Virat Kohli : ৰাণ অনুসৰণৰ সৈতে নিবিড় প্ৰেমৰ সম্পৰ্ক বিৰাট কোহলীৰ !