ETV Bharat / sports

ICC World Cup 2023 : বিশ্বকাপত নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বিষয়ে কি ক’লে বিৰাট কোহলীয়ে ? - এদিনীয়া বিশ্বকাপ

আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। এই বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেন হৈ আছে বিৰাট কোহলী। বিৰাটে তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বিষয়ে মুকলিকৈ কৈছে। বিৰাটৰ যাদু এতিয়া লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচত দেখা যাব।

ICC World Cup 2023
বিশ্বকাপত বিৰাট কোহলীৰ প্ৰদৰ্শন
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:12 PM IST

স্পৰ্টছ ডেস্ক, 25 অক্টোবৰ : 2023 চনৰ ক্ৰিকেট বিশ্বকাপত 5 খন খেলৰ ভিতৰত 5 খনতেই জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ এই সময়ছোৱাত বিৰাট কোহলীয়ে বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ আয়োজক দলৰ বাবে এক গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ অহা 29 অক্টোবৰত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত ৷

ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা বাৰ্তালাপত বিৰাট কোহলীয়ে কয়, ‘মই সদায় কাম কৰি আহিছো যে মই প্ৰতিদিনে, প্ৰতিটো অনুশীলন ছেছনত, প্ৰতি বছৰে আৰু প্ৰতিটো ছিজনতে নিজকে কেনেকৈ উন্নত কৰিব পাৰো ৷ এইটোৱেই মোক ইমান দিনে খেলিবলৈ আৰু ভাল প্ৰদৰ্শন কৰাত সহায় কৰিছে ৷ সেই মানসিকতা অবিহনে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰাটো সম্ভৱ বুলি মই নাভাবো, কাৰণ প্ৰদৰ্শন যদি আপোনাৰ লক্ষ্য হয়, তেন্তে কিছু সময়ৰ পিছত আত্মতুষ্টি ল’ব পাৰি আৰু নিজৰ খেলৰ কাম বন্ধ কৰিব পাৰি ৷'

কোহলীয়ে কয়, ‘মই ক’ম যে সদায় উন্নতিৰ পিছত লগাটো মোৰ আদৰ্শ হৈ আহিছে ৷ ইয়াতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ কোনো নিৰ্দিষ্ট সীমা নাই ৷ নতুবা ইয়াত উপস্থিত হোৱাৰ সময়লৈকে আপুনি উৎকৃষ্টতা লাভ কৰিছে বুলি কোনো নিৰ্দিষ্ট মানদণ্ড নাই ৷ সেয়েহে প্ৰতিদিনে উন্নতিৰ দিশত কাম কৰিবলৈ চেষ্টা কৰোঁ ৷'

এদিনীয়া বিশ্বকাপৰ খেলত তিনিটা শতক আৰু 9 টা অৰ্ধশতককে ধৰি গড়ে 55.36 ৰাণেৰে 1,384 ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক 103 ৰাণ সংগ্ৰহ কৰিছে বিৰাটে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ দ্বিতীয়তো শতক হেৰুৱাই 95 ৰাণ সংগ্ৰহ কৰি আউট হৈছিল তাৰকা ক্ৰিকেটাৰজন ৷ এতিয়া তেওঁ লক্ষ্নৌত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া কেৰিয়াৰৰ 49 সংখ্যক শতক অৰ্জন কৰাৰ সুযোগ পাব ৷

লগতে পঢ়ক : Virat Kohli on Google Search : এছিয়াৰ সৰ্বাধিক গুগল ছাৰ্চ কৰা খেলুৱৈ বিৰাট কোহলী; বিশ্বত পঞ্চম সৰ্বাধিক ছাৰ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.