ETV Bharat / sports

Cricket World Cup 2023 : ভাৰত বনাম আফগানিস্তান; শচীন আৰু ডি ভিলিয়াৰ্ছৰ ৰেকৰ্ড ভংগ কৰাৰ সুযোগ ৰোহিত শৰ্মাৰ - Indian skipper Rohit Sharma

আইচিচি বিশ্বকাপৰ নৱম মেচ বুধবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছে । এই মেচখনত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই এক অনন্য সুযোগ লাভ কৰিব । ৰোহিতে শচীন তেণ্ডুলকাৰ, এ বি ডিভিলিয়াৰ্ছ, সৌৰভ গাংগুলী আৰু ভিভ ৰিচাৰ্ডছৰ দৰে কিংবদন্তিৰ এক মহান অভিলেখ ভংগ কৰিব পাৰে ।

শচীন আৰু ডি ভিলিয়াৰ্ছৰ ৰেকৰ্ড ভংগ কৰাৰ সুযোগ ৰোহিত শৰ্মাৰ
Cricket World Cup 2023
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:05 PM IST

স্পৰ্টছ ডেস্ক, ১১ অক্টোবৰ : চলিত বিশ্বকাপৰ নৱম আৰু নিজৰ দ্বিতীয় লীগ মেচত বুধবাৰে ভাৰত আফগানিস্তানৰ মুখামুখি হৈছে । ইতিমধ্যে টছত জয়লাভ কৰি আফগানিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে, ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে এক সুন্দৰ ইনিংছ খেলাৰ সুযোগ পাব ।

উল্লেখ্য যে ৰোহিত শৰ্মা তেওঁৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শূন্য ৰাণতে আউট হৈছিল । কিন্তু যদি ৰোহিতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাল বেটিং কৰে, তেন্তে তেওঁৰ নামত এক ডাঙৰ অভিলেখ লিপিবদ্ধ কৰাৰ সুবিধা পাব । এই মেচখনত ৰোহিতৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটছমেন হোৱাৰ সুযোগ থাকিব । ইয়াৰ বাবে তেওঁ মাত্ৰ ২২ ৰাণ সংগ্ৰহ কৰিব লাগিব ।

উল্লেখ্য যে ৰোহিত শৰ্মাই এতিয়ালৈকে এদিনীয়া বিশ্বকাপত ১৮ টা ইনিংছত মুঠ ৯৭৮ ৰাণ সংগ্ৰহ কৰিছে । ৰোহিতে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ ১৮ সংখ্যক ইনিংছত শূন্য ৰাণত আউট হৈ এই অনন্য অভিলেখৰ পৰা বঞ্চিত হৈছিল । বৰ্তমান তেওঁ ১০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ মাত্ৰ ২২ ৰাণ সংগ্ৰহ কৰিব লাগিব । যদি ৰোহিতে আফগানিস্তানৰ বিৰুদ্ধে এই ২২ ৰাণ সংগ্ৰহ কৰে, তেন্তে তেওঁ শচীন তেণ্ডুলকাৰ, এ বি ডি ভিলিয়াৰ্ছ, ভিভ ৰিচাৰ্ডছ আৰু সৌৰভ গাংগুলীৰ দৰে কিংবদন্তিক চেৰা পেলাই যাব ।

এদিনীয়া বিশ্বকাপত শচীন তেণ্ডুলকাৰ আৰু এবিডি ভিলিয়াৰ্ছে ১০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ ২০ টাকৈ ইনিংছ লাগিছিল । আনহাতে, ভিভ ৰিচাৰ্ডছ আৰু সৌৰভ গাংগুলীয়ে তেওঁলোকৰ ১০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ ২১ টাকৈ ইনিংছ লৈছিল । এতিয়া ৰোহিতে ১৯ সংখ্যক ইনিংছত এইকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ দ্ৰুততম ১০০০ ৰাণ সংগ্ৰহৰ অভিলেখ অতিক্ৰম কৰি এক নতুন অভিলেখ গঢ়িবলৈ সুযোগ পাব ।

উল্লেখ্য যে ৮ অক্টোবৰত চেন্নাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত মেচখনত ডেভিদ ৱাৰ্ণাৰে ১৯ টা ইনিংছত ১০০০ ৰাণ সম্পূৰ্ণ কৰে । ফলত তেওঁ এদিনীয়া বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় । উক্ত মেচখনত ৰোহিতে ৱাৰ্ণাৰক চেৰ পেলোৱাৰ সুযোগ পাইছিল । কিন্তু এতিয়া যদি ৰোহিতে আফগানিস্তানৰ বিৰুদ্ধে ২২ ৰাণ সংগ্ৰহ কৰে, তেন্তে তেওঁ ৱাৰ্ণাৰৰ সৈতে যুটীয়াভাৱে এদিনীয়া বিশ্বকাপত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হ'ব । ৰোহিতে এতিয়ালৈকে ২৫২ খন এদিনীয়াৰ ২৪৪ টা ইনিংছত ৩০ টা শতক আৰু ৫২ টা অৰ্ধশতকৰ সৈতে ১০,১১২ ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :Cricket World Cup 2023 :চলিত ক্ৰিকেট বিশ্বকাপত অভিলেখ ভঙা-গঢ়াৰ সোঁত; এই পৰ্যন্ত ৭ টা ৰেকৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.