স্প’ৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ: ভাৰতীয় ক্ৰিকেট দলটোৱে এতিয়ালৈকে দুবাৰকৈ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছে । কপিল দেৱে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াক বিশ্ব চেম্পিয়ন কৰাৰ বিপৰীতে ২০১১ চনত মহেন্দ্ৰ সিং ধোনিয়ে দ্বিতীয়বাৰৰ বাবে দলীয় বিশ্ব চেম্পিয়ন কৰে । আই চি চি বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় । ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰা অধিনায়ক কপিল দেৱক এই মেচলৈ নিমন্ত্ৰণ জনোৱা নহ’ল । এতিয়া এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে ।
আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত বিচিচিআইয়ে প্ৰাক্তন বিশ্ব বিজয়ী সকলো অধিনায়কক সন্মান জনোৱাৰ পৰিকল্পনা কৰিছিল । অধিনায়কসকলক সন্মান জনোৱাৰ কাৰ্যসূচী প্ৰথম ইনিংছৰ বিৰতিৰ সময়ত অনুষ্ঠিত হ’ব লাগিছিল । এই অনুষ্ঠানৰ বাবে কপিল দেৱক বিচিচিআইয়ে নিমন্ত্ৰণ কৰা নাই । আনহাতে, কপিল দেৱ ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ অধিনায়ক আছিল । সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে কপিল দেৱক ইয়াৰ বাবে নিমন্ত্ৰণ দিয়া হোৱা নাই । বিশ্বকাপৰ ফাইনেলৰ সময়ত কপিল দেৱে এক বিবৃতি দিছে ।
তেওঁ কৈছে, ‘‘মোক মাতা নাই । সেইবাবেই মই যোৱা নাই । মোৰ গোটেই '৮৩ দলটোক নিমন্ত্ৰণ কৰা হ'লে ভাল আছিল । কিন্তু বহুত কাম আৰু ব্যস্ততাৰ বাবে মানুহে ফোন কৰিবলৈ পাহৰি যায় । গতিকে ঠিকেই আছে ।’’
কপিল দেৱৰ এই বক্তব্যৰ পিছত বিতৰ্ক আৰু গভীৰ হৈ পৰিছে । কপিল এজন বিশ্ব বিজয়ী অধিনায়ক । তেওঁক এনেকৈ ফোন নকৰাটো যথেষ্ট অপমানজনক । যি সময়ত টীম ইণ্ডিয়াৰ ক্ৰিকেট খেলাৰ ভাল সুবিধা নাছিল, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ হাততো ধন নাছিল, সেই সময়ত তেওঁ দেশক বিশ্ব চেম্পিয়ন কৰিছিল । এতিয়া এই বিশ্ব বিজয়ী অধিনায়কৰ সৈতে বি চি চি আইৰ এনে আচৰণ নিন্দনীয় ।
লগতে পঢ়ক: বিৰাটক নিজৰ 10 নম্বৰৰ জাৰ্চী উপহাৰ ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰৰ