স্প’ৰ্টছ ডেস্ক, 19 অক্টোবৰ: সম্পূৰ্ণ 27 বছৰৰ মূৰত আজি পুনেত অনুষ্ঠিত হৈছে বিশ্বকাপৰ এখন খেল । বৰ্তমান মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত বনাম বাংলাদেশৰ খেলখন । এই খেলখন চাবলৈ বৃহৎ সংখ্যক দৰ্শক ষ্টেডিয়ামলৈ আহিছে । একেদৰে বাংলাদেশ দলৰ উইকেটকীপাৰ মুছফিকুৰ ৰহমানৰ পিতৃ মেহবুব হাবিবো এই খেলৰ সাক্ষী হ’বলৈ বাংলাদেশৰ পৰা আহিছে ।
মেহবুব হাবিবে ভাৰতৰ বিৰুদ্ধে জয়ী হ’বলৈ বাংলাদেশক সমৰ্থন কৰে যদিও তেওঁ স্বীকাৰ কৰে যে এনে “শক্তিশালী প্ৰতিদ্বন্দ্বী”ক পৰাস্ত কৰাটো এক কঠিন প্ৰত্যাহ্বান ।
"মই আশাবাদী যে বাংলাদেশ জয়ী হ'ব । ভাৰতৰ বিৰুদ্ধে জয়ী হোৱাটো সহজ কাম নহয় । তেওঁলোকক পৰাস্ত কৰিবলৈ কঠিন । ভাৰত খিতাপৰ প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত অন্যতম । যিটো দলেই ভাল খেলিব, তেওঁলোকেই জয়ী হ’ব ।" ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া আড্ডাত তেওঁ এইদৰে কয় । মুছফিকুৰ ৰহিমে অৰ্ধশতক কৰিব বুলি আশা কৰোঁ ৷ ইটিভি ভাৰতৰ আগত এইদৰে কয় হাবিবে ৷
ভাৰতীয় দলৰ কোনে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব সেই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি মেহবুবে তাৰকা বেটছমেন বিৰাট কোহলী, অ’পেনাৰ শুভমন গিল আৰু অধিনায়ক ৰোহিত শৰ্মাৰ নাম উল্লেখ কৰি কয় যে তেওঁলোক সুন্দৰ প্ৰদৰ্শনেৰে জিলিকি উঠিব ।
‘‘ভাৰতৰ হৈ বিৰাট কোহলীয়ে ভাল খেলিব । ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গিলেও বেটিঙৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব । ভাৰত শক্তিশালী প্ৰতিদ্বন্দ্বী, কিন্তু বাংলাদেশো দুৰ্বল নহয় আৰু ভাৰতৰ বিৰুদ্ধে কঠিন যুঁজ দিব ।’’ মেহবুব ৷
খেলখনত অ’পেনাৰসকলে প্ৰদান কৰা শক্তিশালী আৰম্ভণিক মূলধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে বাংলাদেশে মিডল অৰ্ডাৰ পতনৰ সন্মুখীন হ’বলগীয়া হয় । বৰ্তমাননলৈকে বাংলাদেশে 6 উইকেট হেৰুৱালে । মুছফিকুৰ ৰহিম 38 ৰাণ কৰি আউট হয় ৷
লগতে পঢ়ক: World Cup 2023 : চাকিব অবিহনে ভাৰতৰ বিৰুদ্ধে বাংলাদেশ