স্পৰ্টছ ডেস্ক, ২ ডিচেম্বৰ : অহা বছৰ অনুষ্ঠিত হ'ব উইমেনছ প্ৰিমিয়াৰ লীগৰ দ্বিতীয় ছিজন । ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি আৰম্ভ হৈছে । ডব্লিউপিএলৰ দ্বিতীয় ছিজন অনুষ্ঠিত হ'বলৈ সাজু হোৱাৰ লগে লগে বিচিচিআয়ে ১৬৫ গৰাকী খেলুৱৈৰ এখন তালিকা প্ৰকাশ কৰিছে । তেওঁলোক নিলাম প্ৰক্ৰিয়াৰ অংশ হ'বলৈ গৈ আছে । এই নিলাম ৯ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব । নিলামত ১০৪ গৰাকী ভাৰতীয় আৰু ৬১ গৰাকী বিদেশী ক্ৰিকেটাৰ বিভিন্ন ফ্ৰেন্সাইজীৰ বাবে নিলামত অংশগ্ৰহণ কৰিব ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে শনিবাৰে ঘোষণা কৰা অনুসৰি আগন্তুক ডব্লিউপিএলৰ বাবে নিলামত অংশগ্ৰহণ কৰিবলগা ১৬৫ গৰাকী ক্ৰিকেটাৰৰ ভিতৰত বিদেশী কোটাত ১৫ গৰাকী খেলুৱৈ আই চি চিৰ সহযোগী ৰাষ্ট্ৰৰ । আনহাতে, পাঁচটা দলৰ বাবে ৩০ টা শ্লট উপলব্ধ আৰু তাৰে নটা বিদেশী খেলুৱৈৰ বাবে ।
ৱেষ্ট ইণ্ডিজৰ ডিয়েণ্ড্ৰা ডটিন আৰু অষ্ট্ৰেলিয়াৰ কিম গাৰ্থ হৈছে একমাত্ৰ দুগৰাকী খেলুৱৈ, যিয়ে সৰ্বাধিক বেছ প্ৰাইচ ৫০ লাখ টকা নিৰ্ধাৰণ কৰিছে । লীগৰ পাঁচটা ফ্ৰেঞ্চাইজীয়ে ৬০ গৰাকী খেলুৱৈক ৰিটেইন কৰিছে আৰু ২৯ গৰাকী খেলুৱৈক তেওঁলোকৰ বৰ্তমানৰ দলৰ পৰা এৰি দিছে । নিলাম প্ৰক্ৰিয়ালৈ আগবঢ়াৰ পূৰ্বে গুজৰাট জায়েণ্টছে ৫.৯৫ কোটি টকা সৰ্বাধিক মূল্যৰ সীমা ঘোষণা কৰিছে । আনহাতে, বৰ্তমানৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে পৰৱৰ্তী ছিজনত তেওঁলোকৰ খিতাপ অক্ষুণ্ণ ৰক্ষাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময়ত এই ক্ষেত্ৰত ২.১ কোটি টকা ব্যয় কৰিবলৈ সাজু হৈছে ।
এই নিলাম প্ৰক্ৰিয়াত কেইগৰাকীমান বিশ্বমানৰ খেলুৱৈ যেনে অলৰাউণ্ডাৰ চামাৰি আথাপাথু আৰু নাদিন ডি ক্লেৰ্কক দেখা যাব । উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ফাইনেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে সাত উইকেটত জয়লাভ কৰি উদ্বোধনী সংস্কৰণত বিজয়ী হৈছিল । দলটোৱে বৰ্তমান তেওঁলোকৰ খিতাপ অক্ষুণ্ণ ৰাখিবলৈ যুঁজ দিব । আনহাতে, খিতাপ দখলৰ বাবে আন আন ফ্ৰেঞ্চাইজীবোৰেও এই প্ৰতিযোগিতাত যুঁজ দিব ।
লগতে পঢ়ক :ভাৰতীয় দলৰ ভৱিষ্যতৰ ফিনিচাৰ ৰিংকু সিং; প্ৰাক্তন ক্ৰিকেটাৰ চাবা কৰিম