ETV Bharat / sports

ব্যক্তিগত কাৰণত আফগানিস্তান বিৰুদ্ধে প্ৰথম টি-20ত নাথাকিব বিৰাট কোহলী : ৰাহুল দ্ৰাবিড় - Rahul Dravid

Cricket Updates : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বুধবাৰে প্ৰকাশ কৰে যে ব্যক্তিগত কাৰণত বিৰাট কোহলিয়ে আফগানিস্তান বিৰুদ্ধে শৃংখলাৰ প্ৰথম টি-২০ত অংশ ল’ব নোৱাৰিব । তেওঁ লগতে কয় যে ছিৰিজৰ দ্বিতীয় আৰু তৃতীয় টি-২০ বাবে তাৰকা বেটছমেনগৰাকী উপলব্ধ হ’ব ।

Cricket Updates
প্ৰথম টি-20ত নাথাকিব বিৰাট কোহলী
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:01 PM IST

স্পৰ্টছ ডেস্ক, 10 জানুৱাৰী : ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰকাশ কৰিছে যে ব্যক্তিগত কাৰণত আফগানিস্তানৰ বিৰুদ্ধে টি-20 শৃংখলাৰ উদ্বোধনী খেলত অংশ ল’ব নোৱাৰিব প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৷ বৃহস্পতিবাৰে মোহালিৰ আই এছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-20ত আফগান দলৰ মুখামুখি হ’ব মেন ইন ব্লু দলে আৰু তেওঁলোকে জয়েৰে শৃংখলা আৰম্ভ কৰাৰ চেষ্টা কৰিব ৷

ভাৰতে 11 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈ আফগানিস্তানৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি-20 শৃংখলা খেলিবলৈ সাজু হৈছে ৷ এই শৃংখলাই যোৱা বছৰ বিশ্বকাপত তেওঁলোকৰ অন্তিমখন টি-20 খেল খেলাৰ পিছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ তাৰকা যুটিটোক আটাইতকৈ চুটি ফৰ্মেটলৈ উভতি অহাটো চিহ্নিত কৰিছে ৷ অৱশ্যে মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ে জনাইছে যে ব্যক্তিগত কাৰণত প্ৰথমখন টি-20 খেলৰ পৰা বঞ্চিত হ'ব বিৰাট কোহলী ৷ কিন্তু শৃংখলাটোৰ দ্বিতীয় আৰু তৃতীয়খন খেললৈ উভতি আহিব তেওঁ ৷

ইফালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ে কয়- "যোৱা দুই, তিনি বছৰত কেইবাটাও আইচিচি ইভেণ্ট হৈছে আৰু ইয়াত ইটোৰ পিছত সিটো ইভেন্টো হৈছে ৷ গতিকে এই আইচিচি ইভেণ্টবোৰৰ মাজত বেছি সময় নাই ৷ বিভিন্ন পৰ্যায়ত, মই ইয়াত থকা যোৱা কেইবছৰমানত, আমি কিছুমান ফৰ্মেট, কিছুমান টুৰ্ণামেণ্টক প্ৰাথমিকতা দিব লগা হৈছিল ৷ কেৱল ক্ৰিকেটৰ পৰিমাণৰ বাবে আৰু কেৱল খেলুৱৈসকলক পৰিচালনা কৰাৰ বাবে, সকলো খেলুৱৈৰ বাবে সকলো সময়তে খেলাটো অসম্ভৱ ৷"

ৰোহিতৰ সৈতে যশস্বী জয়ছোৱালে মোহালিত ইনিংছ মুকলি কৰিব বুলিও ৰাহুল দ্ৰাবিড়ে নিশ্চিত কৰে ৷ আনহাতে ভাৰতীয় লাইনআপত ঈশান কিষণ আৰু শ্ৰেয়াছ আয়াৰৰ বাদ পৰিছে ৷ লগতে অনুশাসনৰ অভাৱত দুয়োজনেই দলৰ পৰা বাদ পৰাৰো চৰ্চা চলিছিল ৷ দুয়োগৰাকী খেলুৱৈ অনুশাসনৰ অভাৱত বাদ পৰাৰ সম্ভাৱনা অস্বীকাৰ কৰে দ্ৰাবিড়ে ৷

ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, "একেবাৰেই নহয় ৷ ঈশান কিষণ নিৰ্বাচকৰ বাবে উপলব্ধ নাছিল ৷ ঈশানে দক্ষিণ আফ্ৰিকাত বিৰতিৰ বাবে অনুৰোধ কৰিছিল যিটো আমি সন্মতি দিছিলো আৰু সমৰ্থন কৰিছিলো ৷ শ্ৰেয়াছ আয়াৰৰ কোনো অনুশাসনমূলক বিষয়ৰ সৈতে একেবাৰেই কোনো সম্পৰ্ক নাই ৷ মাথোঁ তেওঁ বাদ পৰিছে ৷ দলত বহু বেটছমেন আছে ৷"

যদিও মোহালিত প্ৰথমখন খেলৰ সময়সূচীক লৈ সন্দেহৰ সৃষ্টি হৈছে, ভাৰতে জয়েৰে শৃংখলা আৰম্ভ কৰিবলৈ আগ্ৰহী হ’ব ৷

লগতে পঢ়ক : ভাৰত আফগানিস্তান প্ৰথম টি২০ মেচ; দৃষ্টি নিবদ্ধ থাকিব ৰোহিত-বিৰাটৰ ওপৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.