ETV Bharat / sports

মিতালী অবিহনে ভাৰতীয় মহিলা দল ঘোষণা

author img

By

Published : Jun 9, 2022, 11:44 AM IST

পৰৱৰ্তী শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা (India Women Squad announced for next tour)। মিতালী ৰাজৰ অবিহনে দলটোৱে অহা ২৩ জুনৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেলিব । দলটোত অভিজ্ঞ দ্ৰুত বলাৰ ঝুলন গোস্বামীও নাথাকিব ।

Team India announces squad
মিতালী অবিহনে ভাৰতীয় মহিলা দল ঘোষণা

স্পৰ্টছ ডেস্ক,৯ জুন : মিতালী ৰাজৰ নেতৃত্ব অবিহনে খেল পথাৰত নামিব ভাৰতীয় মহিলা ক্ৰিকেট দল । মিতালী ৰাজে বুধবাৰে অৱসৰৰ ঘোষণা কৰাৰ (Mithali Raj announced retirement) পাছতে দেশজুৰি অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হৈ আছে । ২০২২ চনত দলটোক নেতৃত্ব দিয়া মিতালী ৰাজৰ অৱসৰৰ বাতৰিয়ে দেশজুৰি চৰ্চা লাভ কৰাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ঘোষণা কৰিলে পৰৱৰ্তী দলটোৰ খেলুৱৈৰ তালিকা (BCCI announces India Women Squad)।

আগন্তুক শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা দলটোৰ এদিনীয়া আৰু টি-২০ৰ খেলুৱৈসকলৰ নাম প্ৰকাশ কৰে (Indian women's team squad announced for Sri Lanka tour)। শ্ৰীলংকাৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া আৰু টি-২০ খেল কেইখনত মিতালী ৰাজৰ উপৰিও নাথাকিব অভিজ্ঞ দ্ৰুত বলাৰ ঝুলন গোস্বামী । ইফালে মহিলা বিশ্বকাপৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটো আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে ৰাওনা হ'ব । জানিব পৰা মতে ২৩ জুনৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাটোৰ অন্তিমখন খেল ৭ জুলাইত অনুষ্ঠিত হ'ব ।

টি-২০ দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বাফালী বাৰ্মা, যস্তিকা ভাটিয়া (উইকেটকিপাৰ), এছ মেঘনা, দীপ্তি শৰ্মা, পুনম যাদৱ, ৰাজেশ্বৰী গায়কৱাড, চিমৰণ বাহাদুৰ, ৰিচা ঘোষ (উইকেটকিপাৰ), পূজা বস্ত্ৰকাৰ, মেঘনা সিং, জেমিমা ৰড্ৰিগছ আৰু ৰাধা যাদৱ ।

এদিনীয়া দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বাফালী বাৰ্মা, যস্তিকা ভাটিয়া (উইকেটকিপাৰ), এছ মেঘনা, দীপ্তি শৰ্মা, পুনম যাদৱ, ৰাজেশ্বৰী গায়কৱাড, চিমৰণ বাহাদুৰ, ৰিচা ঘোষ (উইকেটকিপাৰ), পূজা বস্ত্ৰকাৰ, মেঘনা সিং, তানিয়া ভাটিয়া (উইকেটকিপাৰ) আৰু হৰলীন দেওল ।

লগতে পঢ়ক :Mithali Raj announces her retirement : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে মিতালী ৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.