ETV Bharat / sports

T20 World Cup: নিউজিলেণ্ডক হৰুৱাই প্ৰথমবাৰ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

প্ৰথমবাৰৰ বাবে টী-20 বিশ্বকাপ(T20 World Cup)ৰ খিতাপ অৰ্জন কৰিলে টীম অষ্ট্ৰেলিয়া(Australia)ই । দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত নিউজিলেণ্ড(New Zealand)ক 8 উইকেটত পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰিলে কেংগাৰু বাহিনীয়ে ৷

author img

By

Published : Nov 15, 2021, 11:40 AM IST

Australia beat New Zealand to become new World Champions
নিউজিলেণ্ডক হৰুৱাই প্ৰথমবাৰ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ : অৱশেষত টি-20 বিশ্বকাপত শেষ হাঁহি মাৰিলে টীম অষ্ট্ৰেলিয়া(Australia)ই । দেওবাৰে টী-20 বিশ্বকাপ(T20 World Cup)ৰ ফাইনেলত নিউজিলেণ্ড(New Zealand)ক 8 উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টী-20 বিশ্বকাপৰ খিতাপ অৰ্জন কৰে অষ্ট্ৰেলিয়াই ৷

নিউজিলেণ্ডৰ কেপ্তেইন কেন উইলিয়ামছন(Kane Williamson)ৰ 85 ৰাণ বিফল হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াই মিচেল মাৰ্ছ(Mitchell Marsh)ৰ 50 টা বলত 77 ৰাণ আৰু ডেভিড ৱাৰ্ণাৰ(David Warner)ৰ 38 টা বলত 53 ৰাণত অগ্ৰসৰ হৈ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিশ্বকাপৰ খিতাপ জয় কৰে কেংগাৰু বাহিনীয়ে ৷

নিউজিলেণ্ডৰ বলাৰ ট্ৰেণ্ট বোল্টে(Trent Boult) মাত্ৰ 5 ৰাণতে খেলৰ পৰা বাহিৰ কৰিছিল অষ্ট্ৰেলিয়ান অ’পেনাৰ আৰন ফিন্স (Aaron Finch)ক । ইয়াৰ পাচতে মিচেল মাৰ্ছ আৰু ডেভিড ৱাৰ্ণাৰে 92 ৰাণৰ পাৰ্টনাৰশ্বিপেৰে বিজয়ৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হয় । ট’চত পৰাজিত হৈ প্ৰথমে বেটিং কৰা নিউজিলেণ্ডৰ আৰম্ভণিও ভাল নাছিল ।

172 ৰাণৰ লক্ষ্য বান্ধি দিয়া নিউজিলেণ্ডক সাতটা বল বাকী থকা অৱস্থাতে পৰাস্ত কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াই ৷ ৱাৰ্ণাৰে কিৱি স্পীনাৰ ঈশ চোধী(Ish Sodhi) আৰু মিচেল চেণ্টনাৰ(Mitchell Santner)ৰ বলত ভাল প্ৰদৰ্শন কৰি ইনিংছৰ 11 অভাৰতে অৰ্ধশতক অৰ্জন কৰে ৷

ইয়াৰ পাচতে ট্ৰেণ্ট বোল্টে 13 অভাৰত ৱাৰ্ণাৰক(53) ক্লিন বোল্ড কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ স্ক’ৰ হৈছিল 107/2 ৷ আনহাতে, মাৰ্ছে 14 অভাৰত ঈশ চোধীৰ বলতে অৰ্ধশতক অৰ্জন কৰিছিল আৰু অষ্ট্ৰেলিয়াক ছয় অভাৰত জয়ৰ বাবে প্ৰয়োজন আছিল মাত্ৰ 48 ৰাণৰ । অৱশেষত মাৰ্ছ আৰু গ্লেন মেক্সৱেলে(28*) অষ্ট্ৰেলিয়াক জয়ৰ দিশে লৈ যাবলৈ সক্ষম হয় ৷

ইয়াৰ পূৰ্বে কেন উইলিয়ামছনে 85 ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল আৰু নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 172/4 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ নিউজিলেণ্ডৰ অ’পেনাৰ মাৰ্টিন গাপ্টিল(Martin Guptill) আৰু ডেৰিল মিছেলে(Daryl Mitchell) প্ৰথম উইকেটৰ আগলৈকে 28 ৰাণৰ পাৰ্টনাৰশ্বিপ খেলিছিল ৷ পাৱাৰপ্লে’ সমাপ্ত হোৱাৰ পাচত নিউজিলেণ্ডৰ স্ক’ৰ আছিল 32/1 ৷

সংক্ষিপ্ত স্ক’ৰ : নিউজিলেণ্ড 172/4 (কেন উইলিয়ামছন 85, মাৰ্টিন গাপ্টিল 28; জ’ছ হেজলহুড 3-16) বনাম অষ্ট্ৰেলিয়া 173/2 (মিচেল মাৰ্ছ 77*, ডেভিড ৱাৰ্ণাৰ 53; ট্ৰেণ্ট বোল্ট 2-18) ৷

লগতে পঢ়ক : ১২ গৰাকী খেলুৱৈক দিয়া হ'ব Major Dhyan Chand Khel Ratna Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.