ETV Bharat / sports

টি২০ বিশ্বকাপ: ডুবাইত ষ্টেডিয়ামৰ বাহিৰত ভিৰৰ আচৰণৰ তদন্ত বিচাৰিছে ICCএ - এমিৰেটছ ক্ৰিকেট বোৰ্ড

টি20 বিশ্বকাপৰ পাকিস্তান বনাম আফগানিস্তান খেলখনত ষ্টেডিয়ামৰ বাহিৰত দৰ্শকৰ ভিৰৰ আচৰণৰ তদন্ত বিচাৰিছে ICCএ ৷ এই সন্দৰ্ভত এমিৰেটছ ক্ৰিকেট বোৰ্ডলৈ উক্ত ঘটনাৰ তদন্ত বিচাৰি এক বিবৃতি জাৰি কৰিছে ICC এ ৷

T20 World Cup: ICC seeks probe into crowd behaviour in Dubai
টি২০ বিশ্বকাপ: ডুবাইত ষ্টেডিয়ামৰ বাহিৰত ভিৰৰ আচৰণৰ তদন্ত বিচাৰিছে ICCএ
author img

By

Published : Oct 30, 2021, 1:53 PM IST

স্পৰ্টছ ডেস্ক, 30 অক্টোবৰ : শুকুৰবাৰে নিশা টি20 বিশ্বকাপৰ ‘চুপাৰ 12’ মেছৰ পাকিস্তান বনাম আফগানিস্তান খেলখনত টিকটবিহীন দৰ্শকৰ ষ্টেডিয়ামত প্ৰৱেশৰ ঘটনাৰ তদন্তৰ বাবে এমিৰেটছ ক্ৰিকেট বোৰ্ড (Emirates Cricket Board)ক অনুৰোধ জনায় দ্য ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউঞ্চিল (The International Cricket Council)এ ৷

যোৱা নিশাৰ খেলখনৰ বাবে 16,000 টিকট মুকলি কৰা হৈছিল যদিও খেল আৰম্ভ হোৱাৰ পূৰ্বে হাজাৰৰো অধিক টিকটবিহীন দৰ্শক ভেন্যুত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা কৰে ৷ এক বিবৃতিত এই মন্তব্য কৰে ICCএ ৷

ICCএ কয়, ‘ডুবাই আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে ষ্টেডিয়াম সুৰক্ষিত কৰাৰ লগতে ষ্টেডিয়ামৰ ভিতৰত থকা দৰ্শকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত সম্পদ আনি ভিৰটোক নিয়ন্ত্ৰণ কৰাৰ লগতে তাৰ পৰা আঁতৰাই পঠোৱাৰ বাবে প্ৰয়াস কৰে ৷’

বিবৃতিখনত ICCএ লগতে কয়, সন্ধিয়া প্ৰায় 7 বজাত (সন্ধিয়া 8.30 IST), ডুবাই আৰক্ষীয়ে আটাইকেইখন গেট বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে আৰু ভেন্যুৰ ভিতৰত সুৰক্ষিত আৰু নিয়ন্ত্ৰিত পৰিৱেশ বজাই ৰখাৰ বাবে অতিৰিক্ত দৰ্শকৰ প্ৰৱেশ নিষেধ কৰে ৷ ICC এ ECBক এই ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰি কৰ্তৃপক্ষক এই ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় সেই কথা নিশ্চিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷

আনহাতে, যি সকল দৰ্শকে উপযুক্ত টিকট থকাৰ পিছতো ষ্টেডিয়ামত প্ৰৱেশ কৰি নোৱাৰিলে তেওঁলোকৰ আগত ক্ষমা বিচাৰে ICC, BCCI আৰু ECBএ ৷

লগতে পঢ়ক : যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল ক্ৰিকেটাৰ দীনেশ কাৰ্তিক আৰু দীপিকা পাল্লিকাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.