স্পৰ্টছ ডেস্ক, ১৪ ডিচেম্বৰ : পুৰণি বাহনৰ ৰিটেইলিং প্লেটফৰ্ম স্পিনীৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক(Sachin joins Spinny as lead brand endorser) । লগতে তেওঁ কোম্পানীটোৰ সৈতে কৌশলগত বিনিয়োগকাৰী হিচাপেও কাম কৰিব(Sachin Tendulkar invests in Spinny) । কোম্পানীটোৱে মঙলবাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে । কিন্তু শচীন তেণ্ডুলকাৰে কোম্পানীটোত কৰা বিনিয়োগৰ পৰিমাণ তেওঁলোকে ৰাজহুৱা কৰা নাই ।
শেহতীয়াকৈ, স্পিনীয়ে পুঁজিৰ ২৮৩ নিযুত আমেৰিকান ডলাৰৰ চিৰিজ-ই ৰাউণ্ডৰ সৈতে সমাপ্ত কৰে আৰু ইয়াৰ পাচতে প্লেটফৰ্মৰ দ্বাৰা সংগ্ৰহ কৰা মুঠ মূলধন ৫৩০ নিযুতৰো অধিক হয়গৈ । এতিয়া ভাৰতীয় ক্ৰীড়া কিংবদন্তী শচীন তেণ্ডুলকাৰে কোম্পানীটোৰে অংশীদাৰিত্ব কৰিছে(Sachin Tendulkar joins Spinny) । স্পিনীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নিৰজ সিঙে কয় যে, স্পিনীৰ সৈতে শচীন তেণ্ডুলকাৰৰ এই অংশীদ্বাৰিত্ব অতি গুৰুত্বপূৰ্ণ । শচীনক দলৰ অৰ্থাৎ কোম্পানীটোৰ নতুন অধিনায়ক আখ্যা দি নিৰজ সিঙে তেওঁ আদৰণি জনায় ।
কোম্পানীটোৰ মতে, তেওঁলোকে প্ৰদৰ্শন, স্থিতিস্থাপকতা আৰু ধাৰাবাহিক উন্নতিৰ বাবে সাৰ্বজনীন আদৰ্শৰে কাম কৰাৰ বাবে আগবাঢ়িছে । আনহাতে, শচীন তেণ্ডুলকাৰে কয় যে, দেশৰ সকলোৰে উচ্চাকাংক্ষা বাঢ়ি গৈ আছে ।
বৰ্তমান উদ্যোগীসকলে ন ন কাম হাতত লৈ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে আৰু লগতে মানুহৰ উচ্চাকাংক্ষা পূৰণত সহায় কৰি আহিছে । তেণ্ডুলকাৰে কয় যে, স্পিনীৰ সৈতে জড়িত হৈ তেওঁ যথেষ্ট সুখী । স্পিনীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় শ্বাটলাৰ আৰু অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ সৈতে সহযোগিতাৰ কথা ঘোষণা কৰিছিল ।
লগতে পঢ়ক : Kohli set to skip South Africa ODI series : দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ পৰা বাদ পৰিল বিৰাট কোহলি