ETV Bharat / sports

টী 20 বিশ্বকাপৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে - ভাৰতীয় পুৰুষ ক্ৰিকেট দল

টী 20 বিশ্বকাপৰ পিছতেই সলনি হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৷ ইতিমধ্যে বি চি আইৰে চুক্তি সমাপ্ত হৈছে বৰ্তমান দলটোৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ৷ দলৰ পৰৱৰ্তী প্ৰশিক্ষক হিচাপে নিশ্চিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ নাম ৷

Rahul Dravid set to take over as Team India coach after T20 World Cup
টি20 বিশ্বকাপৰ পিছতেই ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে
author img

By

Published : Oct 16, 2021, 10:42 AM IST

স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ : ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হ’ব প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় ৷ ই নিশ্চিন্তে ভাৰতীয় ক্ৰিকেটৰ বাবে সুখবৰ ৷ শুকুৰবাৰে IPL ৰ চূড়ান্ত খেলখনৰ সমান্তৰালকৈ অহা T20 বিশ্বকাপৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে NCA ৰ প্ৰধানগৰাকী ৷ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, "দলৰ গুৰু দায়িত্ব লোৱাৰ বাবে দ্ৰাবিড় সন্মত হৈছে ৷ ইয়াতকৈ বেছি ভাল একো হ’ব নোৱাৰে ৷ বিক্ৰম বেটিং প্ৰশিক্ষক হিচাপে থকাৰ সময়ত আন স্থানবোৰ এতিয়া চোৱা হ'ব । তৰুণ ক্ৰিকেটাৰসকলৰ ভৰ্তিৰে ভাৰতীয় দলটো পৰিৱৰ্তনৰ অৱস্থাত আছে আৰু তেওঁলোক আটায়ে দ্ৰাবিড়ৰ সৈতে কাম কৰিছে ৷ গতিকে এইবেলি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দল হিচাপে ফিল্ডত প্ৰমাণিত কৰিবলৈ ভাৰতীয় দলটোৰ বাবে সহজ হ’ব" ৷

BCCI ৰ বাবে দ্ৰাবিড় সদায় প্ৰথম পচন্দ আছিল ৷ কিন্তু শেহতীয়াকৈ মুখ্য দলৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত দ্ৰাবিড়ে দলটোৰ সৈতে সীমিত অভাৰৰ শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰাৰ পিছত সম্পূৰ্ণভাৱে এই দায়িত্ব মূৰ পাতি লোৱাৰ পূৰ্বে BCCI ৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে তেওঁৰ সৈতে আলোচনাত মিলিত হ’বলগীয়া হয় ৷

সূত্ৰ অনুসৰি, জয় আৰু সৌৰভে তেওঁৰ সৈতে কথা পাতিছিল, যি দ্ৰাবিড়ক নিশ্চিত কৰাৰ সন্দৰ্ভত অনুষ্ঠিত হৈছিল ৷ সকলো ঠিকেই চলিছিল কাৰণ দ্ৰাবিড়ে সদায় ভাৰতীয় ক্ৰিকেটৰ আগ্ৰহ শীৰ্ষত ৰাখিছিল ৷ সেয়েহে ই কথাবোৰ সহজ কৰি তুলিছিল ৷ কিয়নো তেওঁ বিশ্বাস কৰিছিল দলটোত তেওঁৰ দৰে কোনোবাই ল'ৰাবোৰক পথ প্ৰদৰ্শন কৰাটো সঠিক হ'ব ৷

ইতিমধ্যে টী-২০ বিশ্বকাপৰ সৈতে চুক্তি সমাপ্ত হৈছে ভাৰতীয় দলটোৰ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ । বিচিচিআয়ে ওমান আৰু UAE ৰ প্ৰতিযোগিতাখন আয়োজন কৰিছে । ভাৰতে ২৪ অক্টোবৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে টী-২০ বিশ্বকাপ অভিযান আৰম্ভ কৰিব । আগন্তুক টী-২০ বিশ্বকাপৰ পিছত বিৰাট কোহলীয়েও আটাইতকৈ শ্বৰ্ট ফৰ্মেটত দলটোৰ অধিনায়কৰ পদ ত্যাগ কৰিব ।

লগতে পঢ়ক : IPL 2021 : চতুৰ্থবাৰলৈ ট্ৰফী দখল চেন্নাই চুপাৰ কিংছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.