স্পৰ্টছ ডেস্ক,২৪ অক্টোবৰ : বিগত বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰিছিল ইংলেণ্ডে । কিন্তু চলিত বিশ্বকাপত হতাশাৰ সন্মুখীন হৈছে চেম্পিয়ন দলটো । সফলতাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ইংলেণ্ড দলটোৱে । চলিত বিশ্বকাপত, ৪ খন মেচত মাত্ৰ বাংলাদেশৰ বিৰুদ্ধে এখন খেলত জয়ী হৈছে ইংলেণ্ড । যাৰ ফলত মাত্ৰ দুই পইণ্টৰ সৈতে তালিকাৰ একেবাৰে তলত আছে ইংলেণ্ড দলটো ।
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ডৰ বেটিং আৰু বলিঙে ভাল প্ৰদৰ্শন দেখুৱাইছিল । কিন্তু ৩ টা পৰাজয়ৰ পাছত জছ বাটলাৰৰ নেতৃত্বৰ দলটোৰ বাবে ছেমি ফাইনেললৈ যোৱাৰ পথো অত্যন্ত কঠিন হৈ পৰিছে । মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২২৯ ৰাণত পৰাজিত হোৱাৰ পাছত অধিনায়ক জছ বাটলাৰে কয় যে বাকী ৫ খন মেচ জয়ী হোৱাৰ বাবে তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা আছে । কিন্তু বাকী খেলবোৰত জয়ী হ'লেই পৰ্যাপ্ত নহ'ব দলটোৰ শক্তিশালী নেট ৰাণ ৰেটো থাকিব লাগিব ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ উদ্বোধনী খেলখনত ইংলেণ্ডে জ' ৰুটৰ ৭৭ ৰাণ আৰু জছ বাটলাৰৰ ৪৩ ৰাণৰ অৱদানেৰে ২৮২ ৰাণ সংগ্ৰহ কৰিছিল । কিন্তু নিউজীলেণ্ডে ৯ টা উইকেটত সেই লক্ষ্যত উপনীত হৈছিল । দ্বিতীয়খন খেলত ইংলেণ্ডে বাংলাদেশৰ বিৰুদ্ধে ডেৱিদ মালানৰ এক বিস্ফোৰক শতকৰ সৈতে ৩৬৪ ৰাণ সংগ্ৰহ কৰে । প্ৰথম অৱস্থাত ইংলেণ্ড দলটো সমস্যাৰ সন্মুখীন হৈছিল যদিও জছ বাটলাৰৰ ১৩৭ ৰাণৰ বিজয়ী ইনিংছৰে দলটোক প্ৰথমটো বিজয় সাব্যস্ত কৰাত সহায় কৰিছিল ।
কিন্তু তাৰ পাছত নতুন দিল্লীৰ কোটলাত আফগানিস্তানৰ বিৰুদ্ধে এক আচৰিত পৰাজয়ৰ সন্মুখীন হয় ইংলেণ্ড দলটো । বেটছমেনসকলে আফগানিস্তানৰ স্পিনাৰৰ সন্মুখত এক প্ৰকাৰ ধৰাশায়ী হয় । ২১ অক্টোবৰত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুনৰ এবাৰ পৰাজয়ৰ সন্মুখীন হয় । বৃহৎ পৰাজয়ৰ পাছত ইংলেণ্ডৰ নেট ৰাণ ৰেট যথেষ্ট হ্ৰাস পায় ।
টেষ্ট আৰু টি-২০ত শক্তিশালী প্ৰদৰ্শন কৰা ইংলেণ্ডৰ বেটছমেনসকলেও এদিনীয়াত সংগ্ৰাম কৰিবলগীয়া হৈছে । জনী বেয়াৰষ্ট' আৰু ডেৱিদ মালানৰ যুটিয়ে বাংলাদেশৰ বিৰুদ্ধে ১১৫ ৰাণ কৰিছিল যদিও পৰৱৰ্তী মেচবোৰত যুটিটোৱে ৫০ ৰাণ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছে । জনী বেয়াৰষ্ট'ৱে ৪ টা ইনিংছত অৰ্ধশতক সহ মাত্ৰ ৯৭ ৰাণ সংগ্ৰহ কৰিছে আৰু এইটোৱে ইংলেণ্ডৰ বিফলতাৰ অন্যতম কাৰণ হিচাপে চৰ্চা হৈছে ।
ইফালে ইংলেণ্ডৰ তাৰকা-অলৰাউণ্ডাৰ বেন ষ্টোকছ আঘাতৰ বাবে প্ৰথম তিনিখন খেল খেলিব পৰা নাছিল । অৱশেষত, তেওঁ ৱানখেড়ে ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল । কিন্তু সেই খেলখনত তেওঁ মাত্ৰ ৫ ৰাণহে কৰিবলৈ সক্ষম হয় । ষ্টোকছে ২০১৯ ৰ বিশ্বকাপত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু দলটোক সমস্যাৰ পৰা মুক্ত কৰিছিল । অৱশ্যে,বাকী ৫ খন খেল বেন ষ্টোকছৰ বাবে প্ৰত্যাশা অধিক ।
ইংলেণ্ডৰ বলাৰসকলে ৪ খন মেচত ১,১৯৩ ৰাণ দিছে । বলাৰসকলৰ বিফলতাই দলটোৰ দুৰ্বল প্ৰদৰ্শনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । বৰ্তমান, ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে তেওঁলোকৰ বাকী থকা সকলো খেলত জয়ী হ'বলৈ প্ৰচেষ্টা চলাব । ২৬ অক্টোবৰত বেংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব ইংলেণ্ডে ।
লগতে পঢ়ক :World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ বৃহৎ জয়, বিজয় উদযাপনত পাঠানেও কৰিলে সহযোগ