স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : সকলো আশা আৰু দীৰ্ঘ প্ৰতীক্ষাৰ হৃদয়বিদাৰক পৰিসমাপ্তি ঘটে দেওবাৰে । কিয়নো চলিত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত আহমেদাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে শোচনীয়ভাৱে পৰাজয়বৰণ কৰিবলগা হয় । এই পৰাজয়ৰ পিছত ভাৰতৰ তাৰকা বলাৰ মহম্মদ শ্বামীয়ে ড্ৰেছিং ৰুমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সান্ত্বনা দিয়াৰ এক হৃদয়বিদারক ছবি শ্বেয়াৰ কৰিছে ।
-
Unfortunately yesterday was not our day. I would like to thank all Indians for supporting our team and me throughout the tournament. Thankful to PM @narendramodi for specially coming to the dressing room and raising our spirits. We will bounce back! pic.twitter.com/Aev27mzni5
— 𝕸𝖔𝖍𝖆𝖒𝖒𝖆𝖉 𝖘𝖍𝖆𝖒𝖎 (@MdShami11) November 20, 2023 " class="align-text-top noRightClick twitterSection" data="
">Unfortunately yesterday was not our day. I would like to thank all Indians for supporting our team and me throughout the tournament. Thankful to PM @narendramodi for specially coming to the dressing room and raising our spirits. We will bounce back! pic.twitter.com/Aev27mzni5
— 𝕸𝖔𝖍𝖆𝖒𝖒𝖆𝖉 𝖘𝖍𝖆𝖒𝖎 (@MdShami11) November 20, 2023Unfortunately yesterday was not our day. I would like to thank all Indians for supporting our team and me throughout the tournament. Thankful to PM @narendramodi for specially coming to the dressing room and raising our spirits. We will bounce back! pic.twitter.com/Aev27mzni5
— 𝕸𝖔𝖍𝖆𝖒𝖒𝖆𝖉 𝖘𝖍𝖆𝖒𝖎 (@MdShami11) November 20, 2023
"দুৰ্ভাগ্যবশত কালিৰ দিনটো আমাৰ নাছিল । সমগ্ৰ প্ৰতিযোগিতাখনত আমাৰ দল আৰু মোক সমৰ্থন কৰাৰ বাবে মই সকলো ভাৰতীয়ক ধন্যবাদ জনাইছোঁ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে বিশেষভাৱে ড্ৰেছিং ৰূমলৈ অহাৰ বাবে আৰু আমাৰ মনোবল বঢ়োৱাৰ বাবে ধন্যবাদ । আমি পুনৰ উভতি আহিম !" ছামীয়ে সোমবাৰে এক্সত এনেদৰে পোষ্ট কৰে । তেওঁ মোদীয়ে তেওঁক সান্ত্বনা দিয়া আৰু আলিঙ্গন কৰাৰ এখন ফটোও শ্বেয়াৰ কৰে ।
-
We had a great tournament but we ended up short yesterday. We are all heartbroken but the support of our people is keeping us going. PM @narendramodi’s visit to the dressing room yesterday was special and very motivating. pic.twitter.com/q0la2X5wfU
— Ravindrasinh jadeja (@imjadeja) November 20, 2023 " class="align-text-top noRightClick twitterSection" data="
">We had a great tournament but we ended up short yesterday. We are all heartbroken but the support of our people is keeping us going. PM @narendramodi’s visit to the dressing room yesterday was special and very motivating. pic.twitter.com/q0la2X5wfU
— Ravindrasinh jadeja (@imjadeja) November 20, 2023We had a great tournament but we ended up short yesterday. We are all heartbroken but the support of our people is keeping us going. PM @narendramodi’s visit to the dressing room yesterday was special and very motivating. pic.twitter.com/q0la2X5wfU
— Ravindrasinh jadeja (@imjadeja) November 20, 2023
আনহাতে, স্পিনাৰ ৰবীন্দ্ৰ জাদেজায়ো ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ ভাৰতীয় ড্ৰেছিং ৰূমলৈ যোৱাৰ মুহূৰ্তটো শ্বেয়াৰ কৰিছে । "আমাৰ বাবে এক অতি ভাল প্ৰতিযোগিতা আছিল । কিন্তু আমি কালি সেয়া ভালদৰে সমাপ্ত কৰিব নোৱাৰিলোঁ । আমাৰ সকলোৰে হৃদয় ভাগি গৈছে । কিন্তু আমাৰ মানুহৰ সমৰ্থনে আমাক পুনৰ আগবঢ়াই লৈ যাব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে কালি ড্ৰেছিং ৰূমলৈ অহাটো বিশেষ আৰু অতি অনুপ্ৰেৰণাদায়ক আছিল ।" জাদেজাই টুইট কৰে ।
উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ হাতত ফাইনেলত পৰাজিত হোৱাৰ পিছত ভাৰতীয় দলৰ প্ৰতি সমৰ্থনসূচক শব্দ ব্যৱহাৰ কৰাসকলৰ ভিতৰত প্ৰথমগৰাকী আছিল । "মৰমৰ টীম ইণ্ডিয়া, বিশ্বকাপৰ জৰিয়তে আপোনালোকৰ প্ৰতিভা আৰু সংকল্প লক্ষণীয় আছিল । আপোনালোকে অতি উৎসাহেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে । আমি আজি আপোনালোকৰ সৈতে থিয় দিছোঁ আৰু সদায় আপোনালোকৰ কাষত থাকিম ।" মেচখন উপভোগ কৰিবলৈ আহমেদাবাদত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰে ।
-
Dear Team India,
— Narendra Modi (@narendramodi) November 19, 2023 " class="align-text-top noRightClick twitterSection" data="
Your talent and determination through the World Cup was noteworthy. You've played with great spirit and brought immense pride to the nation.
We stand with you today and always.
">Dear Team India,
— Narendra Modi (@narendramodi) November 19, 2023
Your talent and determination through the World Cup was noteworthy. You've played with great spirit and brought immense pride to the nation.
We stand with you today and always.Dear Team India,
— Narendra Modi (@narendramodi) November 19, 2023
Your talent and determination through the World Cup was noteworthy. You've played with great spirit and brought immense pride to the nation.
We stand with you today and always.
এইখিনিতে উল্লেখ কৰিব লাগিব যে সমগ্ৰ প্ৰতিযোগিতাখনত বলাৰসকলৰ ভিতৰত শীৰ্ষত থকা শ্বামীয়ে সৰ্বাধিক গুৰুত্বপূৰ্ণ ফাইনেলত মাত্ৰ এটা উইকেটহে ল'বলৈ সক্ষম হৈছিল । জ্যেষ্ঠ পেচাৰজনে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ছেমি ফাইনেল জয়ত বিশেষ অৰিহণা যোগাইছিল আৰু ৫৭ ৰাণৰ বিনিময়ত ৭ টা উইকেট দখল কৰিছিল । যিটো হৈছে এদিনীয়া ক্ৰিকেটত এগৰাকী ভাৰতীয় খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । অৱশ্যে ফাইনেলত মেন ইন ব্লু শক্তিশালী অষ্ট্ৰেলিয়াৰ ওচৰত ধৰাশায়ী হৈ পৰে ।
প্ৰথমে বেটিং কৰি ভাৰতে স্ক'ৰ বোৰ্ডত মাত্ৰ ২৪০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আনহাতে, বিজয় লক্ষ্য অনুসৰণ কৰা অষ্ট্ৰেলিয়াক প্ৰাৰম্ভিক অৱস্থাত শ্বামী আৰু বুমৰাহে মোক্ষম আঘাত হানিবলৈও সক্ষম হয় । এটা সময়ত অষ্ট্ৰেলিয়াৰ স্ক'ৰ আছিল তিনি উইকেটত ৪৭ ৰাণ । কিন্তু ভাৰতে এক ডাঙৰ সাফল্যৰ সুগন্ধি ল'বলৈ আৰম্ভ কৰাৰ সময়তে ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুচানে দলটোক পুনৰ যুঁজলৈ ঘূৰাই আনে । তেওঁলোকৰ একাগ্ৰতা আৰু বেটিং আধিপত্যৰ কোনো উত্তৰ যেন পৰৱৰ্তী সময়ত ভাৰতীয় বলাৰসকলৰ ওচৰত নাছিল । যাৰ বাবে দুখজনকভাৱে প্ৰতিযোগিতাখনৰ সামৰণি মাৰিবলগা হয় টীম ইণ্ডিয়াই ।
লগতে পঢ়ক :বিশ্বকাপ-২০২৩ৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ দল ঘোষণা আইচিচিৰ; নেতৃত্বত ৰোহিত শৰ্মা