ETV Bharat / sports

Mitchell Starc on franchise cricket : IPLতকৈ অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট খেলা বেছি গুৰুত্বপূৰ্ণ ষ্টাৰ্কৰ বাবে - IND vs AUS WTC final

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিশাল জয়ৰ পাছতে অষ্ট্ৰেলিয়াৰ অন্যতম শ্ৰেষ্ঠ বলাৰ মিচেল ষ্টাৰ্কে ফ্ৰেঞ্চাইজি ক্ৰিকেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Mitchell Starc on franchise cricket)। আইপিএলতকৈ অষ্ট্ৰেলিয়া তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ । অষ্ট্ৰেলিয়াৰ হৈ খেলাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা ।

Mitchell Starc on franchise cricket
IPLতকৈ অষ্ট্ৰেলিয়া বেছি গুৰুত্বপূৰ্ণ ষ্টাৰ্কৰ বাবে
author img

By

Published : Jun 12, 2023, 3:07 PM IST

স্পৰ্টছ ডেস্ক,১২ জুন : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট বিশ্বকাপৰ ফাইনেলত ভাৰতৰ শোচনীয় পৰাজয় । ইয়াৰ পাচতে অষ্ট্ৰেলিয়ান বলাৰ মিচেল ষ্টাৰ্কৰ ফ্ৰেঞ্চাইজি ক্ৰিকেট বা আই পি এলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য । খেলুৱৈগৰাকীৰ মতে আইপিএল খেলাত কৈ অষ্ট্ৰেলিয়া দলৰ হৈ খেলাতো তেওঁৰ বাবে বেছি প্ৰয়োজনীয় । তাৰকা খেলুৱৈগৰাকীৰ এই মন্তব্যৰ পাছতে ক্ৰিকেট জগতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে লাভজনক বা ধন উপাৰ্জন বেছি হ'লেও ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ পৰা সচৰাচৰ আঁতৰি থাকে অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ মিচেল ষ্টাৰ্ক । অষ্ট্ৰেলিয়া দলৰ বহু খেলুৱৈয়ে অধিক ধন উপাৰ্জনৰ বাবে ফ্ৰেঞ্চাইজি ক্ৰিকেট বা আই পি এল বাছনি কৰি আহিছে । কিন্তু এই ক্ষেত্ৰত ষ্টাৰ্ক ব্যতিক্ৰম ।

টেষ্ট চেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়া বৃহৎ জয়ৰ পাছতে ষ্টাৰ্কে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে তেওঁ আই পি এল উপভোগ কৰিছিল । একেদৰে তেওঁ ১০ বছৰ পূৰ্বে য়ৰ্কশায়াৰতো সময় অতিবাহিত কৰিছিল । কিন্তু অষ্ট্ৰেলিয়া তেওঁৰ বাবে সদায় শীৰ্ষত থাকিব । তেওঁৰ কোনো অনুশোচনা নাই । টকা এদিন হাতলৈ আহিব আৰু যাব কিন্তু তেওঁ পোৱা সুযোগবোৰৰ বাবে চিৰ কৃতজ্ঞ ।

তেওঁৰ মতে অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেট খেলাটো তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ । ভৱিষ্যতে বহুতো যুৱক-যুৱতীয়ে ইয়াক অনুসৰণ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । ষ্টাৰ্কৰ মতে এশ বছৰতকৈও অধিক সময়ৰ টেষ্ট ক্ৰিকেটৰ ইতিহাস আৰু এই সময়ছোৱাত অষ্ট্ৰেলিয়াৰ হৈ খেলা ৫০০ তকৈও কম পুৰুষ আছে । তেওঁৰ দৰে একাংশই এতিয়াও আশা কৰে যে এনে এটা প্ৰজন্ম আছে যিয়ে টেষ্ট ক্ৰিকেটত তেওঁলোকৰ দেশক প্ৰতিনিধিত্ব কৰিব বিচাৰে । ষ্টাৰ্কৰ মতে সহজ ধন ফ্ৰেঞ্চাইজি ক্ৰিকেটত আছে কিন্তু ই কুখ্যাতিৰ সহজ পথ ।

২০১৫ চনত আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ শেষবাৰৰ বাবে ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলা ৩৩ বছৰীয়া ষ্টাৰ্কে স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে টেষ্ট ক্ৰিকেট তেওঁৰ অগ্ৰাধিকাৰ হৈ থাকিব । অৱশ্যে পুনৰ আই পি এলত খেলাৰ ইচ্ছাও প্ৰকাশ কৰিলে খেলুৱৈগৰাকীয়ে । কিন্তু দীৰ্ঘদিন ধৰি যি ফৰ্মেটে নহওঁক তেওঁৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়াৰ বাবে খেলা ।

ষ্টাৰ্কৰ মতে ফ্ৰেঞ্চাইজি ক্ৰিকেট ভাল, কিন্তু ই আপোনাক ১২ মাহত ক্ৰয় বা বিক্ৰী বা ব্যৱসায় কৰিব পাৰে । আনহাতে দেশৰ হৈ খেলা এটা সুযোগ যিটো তেওঁ ১০ বছৰতকৈও অধিক সময় পোৱাৰ বাবে নিজকে সৌভাগ্যৱান বুলি ভাবিছে ।

লগতে পঢ়ক :Australia beats India in WTC final: ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.