ETV Bharat / sports

ICC World Cup 2023: এইবাৰ বিশ্বকাপত কোন হ’ব প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট ? - 1996 World Cup

প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবেই অতি উৎকণ্ঠাৰে ভৰা বিশ্বকাপ ক্ৰিকেট ৷ বিশ্বকাপ ক্ৰিকেটত কোনগৰাকী খেলুৱৈয়ে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব ? কোনগৰাকী বেটছমেনে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি প্ৰদৰ্শন কৰিব শ্ৰেষ্ঠতা ? সৰ্বাধিক উইকেট দখলেৰে কোনগৰাকী বলাৰ হ’ব বেটছমেনৰ বাবে দুঃস্বপ্ন ? এই সকলোবোৰ দিশৰ ওপৰতে চকু ৰাখে ক্ৰিকেট বিশেষজ্ঞ, ICC ৰ লগতে দৰ্শকেও ৷ বিশ্বকাপ ক্ৰিকেটত শ্ৰেষ্ঠ খেলুৱৈ বাচনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল 1992 চনৰ বিশ্বকাপৰ পৰা ৷ সেই বিশ্বকাপত জয়লাভ কৰিছিল পাকিস্তানে ৷

ICC World Cup 2023
ICC WORLD CUP HISTORY
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:02 PM IST

স্প’ৰ্টছ ডেস্ক, 5 অক্টোবৰ: আজিৰে পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আৰম্ভ হৈছে ক্ৰিকেট বিশ্বকাপ ২০২৩ ৷ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড অৱতীৰ্ণ হৈছে নিউজিলেণ্ডৰ বিৰুদ্ধে । ক্ৰিকেট অনুৰাগীৰ পৰা আৰম্ভ কৰি ক্ৰিকেট বিশেষজ্ঞলৈকে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে কোনে হাতত তুলি ল’ব এই সন্মানীয় ট্ৰফী ?

বহু প্ৰবীণ খেলুৱৈক এই বিশ্বকাপত শেষবাৰৰ বাবে খেলা দেখা যাব ৷ কিছু সংখ্যক নতুন তাৰকাই নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পাইছে । বিশ্বকাপত উন্নত প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ বাছনিৰ পৰম্পৰা আৰম্ভ হৈছিল ১৯৯২ চনৰ বিশ্বকাপৰ পৰা ৷ সেই বিশ্বকাপত পাকিস্তানে জয়লাভ কৰিছিল ।

১৯৯২ চনৰ পৰা ২০১৯ চনলৈ এই সন্মানীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ বাবে ৮ গৰাকী খেলুৱৈক ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ বঁটাৰে সন্মানিত কৰা হৈছে ।

বিশ্বকাপ ১৯৯২: মাৰ্টিন ক্ৰ'

১৯৯২ চনৰ বিশ্বকাপ যুটীয়াভাৱে আয়োজন কৰিছিল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে । চূড়ান্ত খেলখনত ইংলেণ্ডক পৰাস্ত কৰি পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে । কিন্তু এই প্ৰতিযোগিতাত নিউজিলেণ্ডৰ অধিনায়ক মাৰ্টিন ক্ৰ’ৱে নিজৰ উৎকৃষ্ট বেটিঙেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল । মাৰ্টিন ক্ৰ’ৱে ৯খন মেচত ৪৫৬ ৰান সংগ্ৰহ কৰে ৷ ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক আৰু প্ৰতিযোগিতাখনত চাৰিটা অৰ্ধশতক অন্তৰ্ভুক্ত আছিল ।

বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে নিৰ্বাচিত হোৱা একমাত্ৰ অধিনায়ক হৈছে মাৰ্টিন ক্ৰ’ । মাৰ্টিন ক্ৰ’ৱে সেইবাৰ বিশ্বকাপত তিনিবাৰকৈ ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হৈছিল । ২০১৬ চনৰ ৩ মাৰ্চত অকলেণ্ডত মাৰ্টিন ক্ৰ’ৱে মৃত্যুবৰণ কৰে ।

বিশ্বকাপ ১৯৯৬: সনথ জয়সূৰ্য্য

অৰ্জুননা ৰানাটুংগাৰ নেতৃত্বত শ্ৰীলংকাই প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ পিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়াৰ এটা দলে বিশ্বকাপ জয় কৰে । দৰাচলতে এই বিশ্বকাপত শ্ৰীলংকাৰ অ’পেনাৰ সনথ জয়সূৰ্য আৰু ৰোমেশ কালুৱিথৰণাই ক্ৰিকেট জগতখনক প্ৰথম ১০ অভাৰত দ্ৰুত বেটিং কৰিবলৈ শিকাইছিল ।

শ্ৰীলংকাক বিশ্বকাপ উপহাৰ দিয়াত দুয়োৰে গুৰুত্বপূৰ্ণ অৱদান আছিল ৷ বিশেষকৈ বাওঁহতীয়া বেটছমেন সনাথ জয়সূৰ্যই ৬খন মেচত ২২১ ৰান সংগ্ৰহ কৰাৰ লগতে ৭ টা উইকেট দখল কৰিছিল । পাঁচটা কেচো আয়ত্ত কৰিছিল খেলুৱৈগৰাকীয়ে । লাহোৰত ফাইনেল অনুষ্ঠিত হোৱা এই টুৰ্ণামেন্টত দুবাৰকৈ ‘মেন অৱ দ্য মেচ’ হিচাপেও নিৰ্বাচিত হৈছিল জয়সূৰ্য ।

বিশ্বকাপ ১৯৯৯: লেন্স ক্লুচেনাৰ

যদিও দক্ষিণ আফ্ৰিকাৰ দলটোৱে কেতিয়াও বিশ্বকাপ জয় কৰিব পৰা নাই, ১৯৯৯ চনত ইংলেণ্ডত খেলা বিশ্বকাপত এই দলটোৱে তীব্ৰ যুঁজ দি ছেমি ফাইনেলত প্ৰৱেশ কৰে । দলটোক শেষৰ চাৰিটা পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত হাত থকা খেলুৱৈগৰাকীক বিশ্বই জানে লেন্স ক্লুচেনাৰ নামেৰে । সেই বিশ্বকাপত ক্লুচেনাৰে বল আৰু বেট দুয়োটাৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । ৯ খন খেলৰ ৮ ইনিংছত ২৮১ ৰান সংগ্ৰহ কৰাৰ লগতে ১৭ টা উইকেটো দখল কৰে ।

প্ৰতিযোগিতাখনত দুটা অৰ্ধশতক অৰ্জন কৰি লেন্স ক্লুচেনাৰে নিজৰ দলটোক বিশ্বকাপৰ ফাইনেললৈ লৈ গ’লহেঁতেন, যদিহে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ এলান ড’নাল্ড ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰান আউট নহ’লহেঁতেন । বহু ক্ৰিকেট বিশেষজ্ঞৰ মতে এইগৰাকী খেলুৱৈয়ে নিজৰ দলৰ হৈ প্ৰায় বিশ্বকাপ জয় কৰিছিল । কিন্তু চাৰিটা মেন অৱ দ্য মেচৰ বঁটাৰ পিছত লেন্স ক্লুচেনাৰে কেৱল ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ ট্ৰফীতে সন্তুষ্ট হ’বলগীয়া হৈছিল । লেন্স ক্লুচেনাৰৰ এই প্ৰদৰ্শনক তেতিয়ালৈকে বিশ্বকাপৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি কোৱা হৈছিল ।

বিশ্বকাপ ২০০৩: শচীন তেণ্ডুলকাৰ

১৯৮৩ আৰু ২০১১ চনত ভাৰতে বিশ্বকাপ জয় কৰিছিল । কিন্তু তেতিয়াৰ ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নেতৃত্বত মেন ইন ব্লু দলে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ২০০৩ সংস্কৰণত ফাইনেলত প্ৰৱেশ কৰিছিল । জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা সেই বিশ্বকাপত ক্ৰিকেটৰ ভগৱান খ্য়াত শচীন তেণ্ডুলকাৰে নিজৰ দলটোক ফাইনেললৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এই প্ৰতিযোগিতাত ১১খন খেলত তেণ্ডুলকাৰে এটা শতক আৰু ৬ টা অৰ্ধশতকেৰে ৬৭৩ ৰান সংগ্ৰহ কৰে ।

প্ৰতিযোগিতাখনত শচীন তেণ্ডুলকাৰে গড়ে ৬১.১৮ ৰান সংগ্ৰহ কৰি তিনিবাৰকৈ ‘মেন অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হয় । এই সময়ছোৱাত তেওঁ দুটা উইকেট দখল কৰাৰ লগতে চাৰিটা কেচো দখল কৰে । ইয়াৰ পিছত তেওঁক টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে গোল্ডেন বেটো প্ৰদান কৰা হয় । যিকোনো বিশ্বকাপ প্ৰতিযোগিতাত এককভাৱে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ৰচনা কৰে শচীন তেণ্ডুলকাৰে ।

বিশ্বকাপ ২০০৭: গ্লেন মেকগ্ৰাথ

ৱেষ্ট ইণ্ডিজে প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্বকাপত এজন বলাৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে নিৰ্বাচিত কৰা হয় । অষ্ট্ৰেলিয়াৰ কিংবদন্তি পেচাৰ গ্লেন মেকগ্ৰাথে মুঠ ১১ খন মেচত ২৬ টা উইকেট দখল কৰি নিজৰ দলটোক একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হিচাপে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁৰ বলিং গড় ১৩.৭৩ আৰু ইকনমি ৰেট ৪.৪১য়ে তেওঁৰ প্ৰতিভাৰ বিষয়ে বহু কথাই কয় । প্ৰতিযোগিতাখনৰ প্ৰতিখন মেচতে কমেও এটাকৈ উইকেট দখল কৰিছিল মেকগ্ৰাথে । ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ট্ৰফী জয় কৰে ।

বিশ্বকাপ ২০১১: যুৱৰাজ সিং

২০১১ চনত ভাৰতে সহযোগীভাৱে বিশ্বকাপ আয়োজন কৰিছিল আৰু সেইবাৰ বিশ্ব চেম্পিয়ন হৈছিল মেন ইন ব্লু । ২০১১ চনৰ ২ এপ্ৰিলত মুম্বাইৰ বিখ্যাত ৱাংখেড়ে ষ্টেডিয়ামত অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শ্ৰীলংকাৰ বলাৰ নুৱান কুলাছেকাৰাৰ বলত ছয় কোবাই ইতিহাস ৰচনা কৰিছিল ৷ প্ৰতিজন ভাৰতীয় অনুৰাগীৰ হৃদয় আন্দোলিত হৈ উঠিছিল সেই ক্ষণত । দ্বিতীয়বাৰলৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল ভাৰতে ৷

কিন্তু ভাৰতীয় দলটোৱে বিশ্ব চেম্পিয়ন হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল ধ্ৰুপদী অলৰাউণ্ডাৰ যুৱৰাজ সিং । আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা কোৱাৰ্টাৰ ফাইনেলতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যুৱৰাজক ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে নিৰ্বাচিত কৰা হয় । বিশ্বকাপৰ সময়ত কেন্সাৰৰ সৈতে যুঁজি আছিল যুৱৰাজ সিঙে । এটা শতক আৰু চাৰিটা অৰ্ধশতকৰ সহায়ত ৯ খন খেলৰ ৮ ইনিংছত ৩৬২ ৰান সংগ্ৰহ কৰাৰ লগতে ১৫ টা উইকেটো দখল কৰিছিল যুৱৰাজে । ২০১১ চনৰ বিশ্বকাপত তেওঁ চাৰিবাৰকৈ ‘মেন অৱ দ্য মেচ’ হিচাপেও নিৰ্বাচিত হৈছিল ।

বিশ্বকাপ ২০১৫: মিচেল ষ্টাৰ্ক

২০১৫ চনত বিশ্বকাপ সহযোগীভাৱে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে আয়োজন কৰিছিল । এইবাৰ অষ্ট্ৰেলিয়াই অভিলেখ সংখ্যক পঞ্চমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী দখল কৰে । য’ত পেচাৰ মিচেল ষ্টাৰ্কে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ষ্টাৰ্কে ৮ খন মেচত ২২ টা উইকেট দখল কৰি বলিং গড় ১০.১৮ আৰু ইকনমি ৰেট ৩.৫ লাভ কৰে । ইয়াৰ ভিতৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ২৮ ৰানৰ বিনিময়ত দখল কৰা ৬ উইকেটো অন্তৰ্ভুক্ত । প্ৰতিযোগিতাখনৰ প্ৰতিখন মেচতে ষ্টাৰ্কে কমেও দুটা উইকেট দখল কৰে । এই প্ৰদৰ্শনৰ বাবে তেওঁক ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে নিৰ্বাচিত কৰা হৈছিল । বিশ্বকাপৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এজন বলাৰে এই ট্ৰফী লাভ কৰিছিল । ইয়াৰ পূৰ্বে ২০০৭ চনত অষ্ট্ৰেলিয়াৰ পেচাৰ গ্লেন মেকগ্ৰাথক টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল ।

বিশ্বকাপ ২০১৯: কেন উইলিয়ামছন

২০১৯ চনত প্ৰায় ২০ বছৰৰ পাছত ইংলেণ্ডে পুনৰ বিশ্বকাপ আয়োজন কৰিছিল আৰু আয়োজক দলে বিশ্বকাপ জয় কৰা এইটো আছিল একেৰাহে তৃতীয় টুৰ্ণামেন্ট । ২০১৯ চনত ইংলেণ্ড প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল । কিন্তু এই বিশ্বকাপত নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে নিৰ্বাচিত কৰা হয় । উইলিয়ামছনে দুটা শতক আৰু ইমানেই অৰ্ধশতকৰ সহায়ত ১০খন মেচৰ ৯ ইনিংছত ৫৭৮ ৰান সংগ্ৰহ কৰে । অৱশ্যে ফাইনেলত ইংলেণ্ডে নিউজিলেণ্ডক পৰাস্ত কৰে । বিশ্বকাপৰ ইতিহাসত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হিচাপে পৰিগণিত হোৱা দ্বিতীয়জন অধিনায়ক কেন উইলিয়ামছন । ইয়াৰ পূৰ্বে ১৯৯২ চনৰ বিশ্বকাপত নিউজিলেণ্ডক নেতৃত্ব দিয়া মাৰ্টিন ক্ৰ’ৱে সেই সংস্কৰণত টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল ।

এইবাৰ কোন হ’ব ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ ?

এইবাৰ বিশ্বকাপত ৰোহিত শৰ্মা, বিৰাট কোহলী, ডেভিড ৱাৰ্নাৰ, ষ্টিভ স্মিথ, কেন উইলিয়ামছন, জো ৰুট, চাকিব আল হাছান, ট্ৰেণ্ট ব’ল্ট, গ্লেন মেক্সৱেল, ডেভিদ মিলাৰ, হাইনৰিচ ক্লাচেন, ৰবীন্দ্ৰ জাডেজা আদি খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । তাৰোপৰি এই প্ৰতিযোগিতাত যুৱ খেলুৱৈ শুভমন গিল, ঈশান কিষান, সূৰ্য কুমাৰ যাদৱ, ইমাম উল হক, নূৰ আহমেদ, কেমেৰন গ্ৰীণ, হেৰী ব্ৰুক, তনজীম হাছান চাকিব, মহম্মদ ৱাচিন জুনিয়ৰ, শ্বাহীন শ্বাহ আফ্ৰিদি, মহম্মদ চিৰাজ, কুলদীপ যাদৱ নাজমুল হুছেইন আদি খেলুৱৈয়েও অংশগ্ৰহণ কৰিব ।

এইবাৰ কোনো জ্যেষ্ঠ খেলুৱৈয়ে এই সন্মানীয় বঁটা লাভ কৰে নে কোনো উদীয়মান যুৱ খেলুৱৈয়ে লাভ কৰে সেয়া চাবলৈ আগ্ৰহী হ’ব । এজন বলাৰ টুৰ্ণামেণ্টৰ খেলুৱৈ হ’ব নে বেটছমেন বা অল ৰাউণ্ডাৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হ’ব ? ইয়াৰ উত্তৰ আমি ১৯ নৱেম্বৰতহে পাম ।

লগতে পঢ়ক: 2023 Cricket World Cup: বিশ্বকাপ ক্ৰিকেটত ইতিহাস ৰচনাকাৰী পাঁচগৰাকী শ্ৰেষ্ঠ ফিল্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.