ETV Bharat / sports

ODI world cup 2023 : ভাৰতৰ বিশ্বকাপ প্ৰস্তুতিৰ ডাঙৰ মঞ্চ এছিয়া কাপ; টিম ছাউদী - New Zealand pace baller Trent Boult

নিউজীলেণ্ডৰ পেচ বলিঙৰ অন্যতম বলাৰ টিম ছাউদীয়ে ভাৰতীয় বেটছমেনসকলক বাঁওহতীয়া পেচাৰৰ বিৰুদ্ধে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে । আনহাতে, নিউজীলেণ্ডৰ ট্ৰেণ্ট ব'ল্ট আৰু পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্ৰিদীৰ ভূমিকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে এই দুগৰাকী পেচাৰে ভাৰতীয় বেটছমেনক সমস্যাত পেলাব পাৰে । উল্লেখ্য যে ৩০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়া কাপৰ বাবে ভাৰতে ১৭ জনীয়া দল ঘোষণা কৰিছে ।

ODI world cup 2023
ODI world cup 2023
author img

By

Published : Aug 22, 2023, 5:04 PM IST

স্পৰ্টছ ডেস্ক, ২২ আগষ্ট : বিশ্বকাপলৈ দুমাহতকৈও কম সময় বাকী থকা অৱস্থাত নিউজীলেণ্ডৰ পেচ আক্ৰমণৰ নেতৃত্ব প্ৰদান কৰা টিম ছাউদীয়ে প্ৰকাশ কৰিছে যে আগন্তুক এছিয়া কাপ ভাৰতৰ বাবে বিশ্বকাপৰ প্ৰস্তুতিৰ এক ডাঙৰ সুবিধা হ'ব । আনহাতে, টি-২০ প্ৰতিযোগিতাবোৰৰ সময়সূচীয়ে দলসমূহৰ বাবে নিজৰ প্ৰস্তুতি নিৰ্ধাৰণ কৰাটো কঠিন কৰি তুলিছে বুলিও তেওঁ স্বীকাৰ কৰে । উল্লেখ্য যে ভাৰতে ৩০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়া কাপৰ বাবে ১৭ জনীয়া এক বৰ্ধিত দল ঘোষণা কৰিছে । দলটোত সঞ্জু ছেমছনক ষ্টেণ্ড বাই খেলুৱৈ হিচাপে ৰখা হৈছে । কিয়নো ৫ নম্বৰ স্থানত বেটিং কৰা ভাৰতৰ মূল পছন্দৰ উইকেটৰক্ষক-বেটছমেন কে এল ৰাহুলৰ আঘাতৰ বাবে এক সমস্যাৰ সৃষ্টি হৈ আছে ।

সোমবাৰে চিয়েট ক্ৰিকেট ৰেটিং বঁটা প্ৰদানৰ সময়ত ছাউদীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মই ভাবোঁ যে এছিয়া কাপ ভাৰতীয় দলৰ বিশ্বকাপ প্ৰস্তুতিৰ এটা ডাঙৰ অংশ হ'ব ।"

আনহাতে, ছাউদীয়ে ভাৰতীয় বেটছমেনসকলক বাঁওহতীয়া পেচ আক্ৰমণৰ বিৰুদ্ধে পৰিকল্পনা কৰিবলৈও পৰামৰ্শ আগবঢ়ায় । লগতে সমস্যাৰ সৃষ্টি কৰিব পৰা নিজ দেশৰ ট্ৰেণ্ট ব'ল্ট আৰু পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্ৰিদীৰ ভূমিকাৰ কথাও তেওঁ স্বীকাৰ কৰে । "মই নাজানো এইটো কিয় যে বাঁওহতীয়া বলাৰ থকাটো দলৰ বাবে সদায়ে এক অতিৰিক্ত সুবিধা । কিয়নো প্ৰায়ে এই বলাৰসকলক মোকাবিলা কৰাটোত বেটাৰে বেছি সমস্যাৰ সন্মুখীন নহয় । শ্বাহিন শ্বাহ আৰু ট্ৰেণ্ট ব'ল্ট দুয়োগৰাকী মান সম্পন্ন বলাৰ আৰু বিগত বছৰবোৰত তেওঁলোক বহুতো খেলুৱৈৰ বাবে মূৰৰ কামোৰণি হৈছে ।" কিৱি বলাৰজনে কয় ।

"অৱশ্যে মই নাভাবোঁ যে এইটো এক ডাঙৰ সমস্যা । মই নিশ্চিত যে ভাৰতীয় খেলুৱৈসকল বিশ্বমানৰ খেলুৱৈ আৰু তেওঁলোকে যিকোনো বলাৰৰ বিৰুদ্ধে খেলিবলৈ সঠিক পৰিকল্পনা থাকিব ।" তেওঁ লগতে কয় । ৩৪ বছৰীয়া কিৱি বলাৰজনে লগতে কয় যে নিউজীলেণ্ডে বিশ্বকাপৰ বাবে সময়মতে সম্পূৰ্ণ ফিট কেন উইলিয়ামছনক লাভ কৰিব বুলি তেওঁ আশাবাদী । "কেন উইলিয়ামছনে বিশ্বকাপৰ বাবে ফিট হৈ থকাটো নিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰি আছে । অৱশ্যে আমি বিশ্বকাপৰ ওচৰ চাপি নোযোৱালৈকে এই বিষয়ে সঠিককৈ একো ক'ব নোৱাৰো যে তেওঁ উপলব্ধ হ'ব নে নহয় । মই ভাবোঁ যে ইয়াৰ বাবে কেৱল অপেক্ষা কৰিব লাগিব আৰু কেনৰ দিশে লক্ষ্য ৰাখিব লাগিব ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :Team India For Asia Cup 2023:আগন্তুক এছিয়া কাপত অংশ ল’বলগীয়া ভাৰতীয় ক্ৰিকেট দল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.