ETV Bharat / sports

ডেভিড ৱাৰ্ণাৰলৈ কন্যাৰ আবেগিক বাৰ্তা - David Warner daughter message

'দেউতা ঘৰলৈ উভতি আহা । তোমালৈ বহুত মনত পৰিছে আৰু আমি তোমাক ভাল পাওঁ' । এয়া এগৰাকী পিতৃলৈ কন্যাৰ মৰমসনা বাৰ্তা । কৰণা সংকটৰ বাবে বি চি চি আয়ে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিড ৱাৰ্ণাৰৰ তিনিগৰাকী কন্যাই পিতৃক ঘৰলৈ উভতি যাবলৈ অনুৰোধ জনাইছে । কন্যাৰ এই আবেগিক বাৰ্তা ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিলে ৱাৰ্ণাৰে ।

David Warner's daughter emotional message
ডেভিড ৱাৰ্ণাৰলৈ কন্যাৰ আবেগিক বাৰ্তা
author img

By

Published : May 5, 2021, 10:55 AM IST

স্পৰ্টছ ডেস্ক, ৫ মে': ক'ভিড-১৯ৰ সংক্ৰমণৰ সময়তে আন আন দেশৰ পৰা ভাৰতত আই পি এলত অংশগ্ৰহণৰ বাবে অহা খেলুৱৈসকলৰ পৰিয়ালো এতিয়া চিন্তিত হৈ পৰিছে আপোনজনৰ বাবে । এনে ভয়াৱহ পৰিস্থিতি সকলোৱে পৰিয়ালক সংগ দিয়াতো বিচৰা স্বাভাৱিক ।

মঙলবাৰে বি চি চি আয়ে ক'ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কাললৈ আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিড ৱাৰ্ণাৰলৈ তেওঁৰ তিনিগৰাকী কন্যাই প্ৰেৰণ কৰিলে এক আবেগিক বাৰ্তা । ৱাৰ্ণাৰৰ তিনি কন্যা আইভি, ইন্দি আৰু ইছলাই লিখিছে যে, 'দেউতা, তুমি পোনে পোনে ঘৰলৈ উভতি আহা । তোমালৈ বহুত মনত পৰিছে আৰু আমি তোমাক ভাল পাওঁ' । লগতে পিতৃ-মাতৃৰ সৈতে তিনিও কন্যাৰ এখন ছবিও অংকন কৰিছে ।

David Warner's daughter emotional message
ডেভিড ৱাৰ্ণাৰলৈ কন্যাৰ আবেগিক বাৰ্তা

ডেভিড ৱাৰ্ণাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে কন্যাৰ এই মৰমসনা বাৰ্তা শ্বেয়াৰ কৰিছে । উল্লেখ্য যে, ক'ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে ভাৰতৰ পৰা অষ্ট্ৰেলিয়ালৈ সকলো বিমান চলাচল বন্ধ কৰি দিছে । ফলত কেইবাজনো অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ভাৰততে আৱদ্ধ হৈ পৰিছে ।

এতিয়া ৱাৰ্ণাৰকে ধৰি আন ক্ৰিকেটাৰসকলে অষ্ট্ৰেলিয়ালৈ উভতি যাবলগীয়াা হ'লে প্ৰথমে ভাৰতৰ পৰা আন এখন দেশলৈ যাব লাগিব আৰু তাৰ পৰা নিজ দেশলৈ যাব পাৰিব । আনহাতে, আই পি এল চলি থকাৰ মাজতে ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পদৰ পৰা ৱাৰ্ণাৰক আঁতৰ কৰা আৰু দেওবাৰে ৰাজস্থান ৰয়েলছৰ সৈতে থকা খেলৰ পৰাও তেওঁক বাহিৰ কৰাক লৈ যথেষ্ট নিৰাশ হৈ পৰাৰ লগতে অসন্তষ্টিও ব্যক্ত কৰিছিল ।

লগতে পঢ়ক:অনিৰ্দিষ্ট কাললৈ স্থগিত আইপিএল-২০২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.