ETV Bharat / sports

আইপিএল নেখেলাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়ান বলাৰ হেজেলউডৰ - Chennai Superkings

আইপিএলত অংশগ্ৰহণ কৰিবলগীয়া অষ্ট্ৰেলিয়াৰ আন খেলুৱৈৰ সৈতে ভাৰত অভিমুখে ৰাওনা হোৱাৰ কথা আছিল হেজলউড কিন্তু পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ সিদ্ধান্ত লৈ খেলুৱৈগৰাকীয়ে আইপিএলত অংশগ্ৰহণৰ বাবে অস্বীকাৰ কৰে ।

আইপিএল নেখেলাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়ান বলাৰ হেজেলউডৰ

author img

By

Published : Apr 1, 2021, 6:19 PM IST

স্পৰ্টছ ডেস্ক,১ এপ্ৰিল: আগন্তুক আইপিএলৰ পৰা বাহিৰ হ'ল চেন্নাই চুপাৰ কিংছৰ পেচ বলাৰ জোচ হেজেলউড । আইপিএলত অংশগ্ৰহণ কৰিবলগীয়া অষ্ট্ৰেলিয়াৰ আন খেলুৱৈৰ সৈতে ভাৰত অভিমুখে ৰাওনা হোৱাৰ কথা আছিল হেজলউড কিন্তু পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ সিদ্ধান্ত লৈ খেলুৱৈগৰাকীয়ে আইপিএলত অংশগ্ৰহণৰ বাবে অস্বীকাৰ কৰে ।

খেলুৱৈ গৰাকীয়ে অৱগত কৰা মতে, বিগত প্ৰায় ১০ মাহ ধৰি বিভিন্ন স্থানত মহামাৰীৰ বাবে কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে সেয়ে ক্ৰিকেটৰ পৰা দুমাহৰ বাবে অব্যাহতি লৈ পৰিয়ালৰ সৈতে অষ্ট্ৰেলিয়াতে থকাৰ পৰিকল্পনা কৰিছে খেলুৱৈ গৰাকীয়ে । ইফালে সন্মুখত বিশ্বকাপ টি-২০ আৰু এছেজ সেয়ে মানসিকভাৱে নিজকে প্ৰস্তুত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । ইফালে হেজলউডে চেন্নাইৰ হৈ ২০২০ চনত আইপিএলত মাত্ৰ তিনিখন খেল খেলিছে ।

উল্লেখ্য যে, বুধবাৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ অলৰাউণ্ডাৰ অষ্ট্ৰেলিয়াৰ মিছেল মাৰ্শ্বেও আইপিএল খেলাৰ বাবে অস্বীকাৰ কৰিছিল ৷ দলে তেওঁৰ ঠাইত জেচন ৰয়ক অন্তৰ্ভূক্ত কৰিছে । ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া আইপিএলৰ প্ৰথমখন খেল হ'ব মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত । আনহাতে চেন্নাই দলে ১০ এপ্ৰিলত ঋষভ পন্ত নেতৃত্বাধীন দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক:বিশ্বকাপৰ এছিয়ান যোগ্যতাত জাপানৰ হাতত ১৪ গ'লত পৰাস্ত মংগোলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.