ETV Bharat / sports

IPL 2023: ক্ৰমাগতভাৱে দ্বিতীয়খন মেচতো জয়লাভ গুজৰাট টাইটানছৰ - DC vs GT match updates

IPL 2023 ৰ আজিৰ খেলত মুখামুখি হয় দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ ৷ টচত জিকি বলিঙৰ সিদ্ধান্ত GT ৰ (Indian Premier League live) ৷ GT ক জয়ৰ বাবে 163 ৰাণৰ লক্ষ্য বান্ধি দিয়ে DC য়ে ৷ প্ৰত্যুত্তৰত 6 উইকেটত জয়ী হয় GT ।

IPL 2023
Indian Premier League live
author img

By

Published : Apr 4, 2023, 8:55 PM IST

Updated : Apr 5, 2023, 12:19 AM IST

নিউজ ডেস্ক, 4 এপ্ৰিল: IPL 2023ত ক্ৰমাগতভাৱে দ্বিতীয়খন মেচত জয়ী হল গুজৰাট টাইটানছ (GT)। মঙলবাৰে অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলচৰ বিৰুদ্ধে খেলা খেলখনত 6 উইকেটত জয়ী হয় হাৰ্দিক পাণ্ডিয়া বাহিনী । টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল GTৰ অধিনায়ক পাণ্ডিয়াই । প্ৰথমে বেটিং কৰি DCয়ে 20 অভাৰত 163 ৰাণৰ টাৰ্গেট দিয়ে GT ক (IPL match updates) ।

GTৰ দুই অপেনাৰ সাহা আৰু গিল 36 ৰাণতে আউট হোৱাৰ পাচত সাই সুদৰ্শনে সুন্দৰ বেটিঙেৰে দলক বিজয়ৰ দিশে লৈ যায় । সুদৰ্শনে 48 টা বলত 62 ৰাণ কৰে । সুদৰ্শনক সহায় আগবঢ়াই বিজয় শংকৰ(29) আৰু ডেভিদ মিলাৰে (31) । ইয়াৰ আগৰখ মেছত CSK ৰ বিৰুদ্ধে জয়ী হৈছিল GT ।

আজিৰ খেলখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অবাৰত 162 ৰাণ সংগ্ৰহ কৰে দিল্লী দলে । DC ৰ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে 32 ৰাণ, চাৰফৰাজ খানে 30 ৰাণ, অক্ষৰ পেটেলে 36 ৰাণ আৰু অভিষেক পৰেলে 20 ৰাণ কৰে ৷ GT ৰ হৈ মহম্মদ চামিয়ে 3 টা, ৰছিদ খানে 3 টা আৰু জোছেফে 2 টা উইকেট দখল কৰে ৷

ডেভিদ ৱাৰ্ণাৰ: এটা সুন্দৰ উইকেট যেন লাগিছে । যোগাত্মক দিশেৰে আগবাঢ়িব লাগিব ৷ আমি আশা কৰোঁ যে, ভাল খেল দেখুৱাবলৈ সক্ষম হ’ম ৷ আনৰিছ আৰু পৰেলৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৰোভমেনক বাদ দিয়া হৈছে (Delhi Capitals vs Gujarat Titans) ৷

হাৰ্দিক পাণ্ডিয়া: আমি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছোঁ । নিশ্চিত নহয় যে, কেনে খেল হ’ব । আমাৰ দলত বেছি কথা নহয়। মাত্ৰ কথাবোৰ সহজ কৰি ৰখা আৰু নিয়ন্ত্ৰণযোগ্য বস্তুৰ ওপৰত গুৰুত্ব দিয়াৰ কথা (IPL DC Vs GT)।

দিল্লী কেপিটেলছ (প্লেয়িং একাদশ): পৃথ্বী শ্ব’, ডেভিদ ৱাৰ্নাৰ(C), মিচেল মাৰ্ছ, ৰিলী ৰছৌ, চৰফৰাজ খান(W), অক্ষৰ পেটেল, অভিষেক প’ৰেল, কুলদীপ যাদৱ, চেতন সকাৰিয়া, খলিল আহমেদ, অনৰিচ নৰ্টজ ৷

গুজৰাট টাইটানছ (প্লেয়িং একাদশ): ঋদ্ধিমান সাহা (W), শুভমান গিল, চাই সুদৰ্শন, হাৰ্দিক পাণ্ডিয়া (C), ডেভিড মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, মহম্মদ ছামী, যিহোচুৱা লিটল, যশ দয়াল, আলজাৰি জোচেফ ৷

লগতে পঢ়ক: IPL 2023 RR vs PK: ডাৱৰীয়া বতৰে বিঘিনি জন্মাব পাৰে বৰ্ষাপাৰাত হ’বলগীয়া আই পি এল মেচত !

Last Updated : Apr 5, 2023, 12:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.