ETV Bharat / sports

GT vs SRH: ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ গুজৰাট টাইটানছৰ - প্লে অফত প্ৰৱেশ গুজৰাট টাইটানছৰ

ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৪ ৰাণত পৰাস্ত কৰি হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বাধীন গুজৰাট টাইটানছ দলে প্ৰৱেশ কৰিলে প্লে অফত (IPL 2023) ৷ খেলখনৰ মুখ্য আকৰ্ষণ আছিল গুজৰাট টাইটানছৰ অ’পেনাৰ শুভমান গিলৰ (১০১) শতক, আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ভুৱনেশ্বৰ কুমাৰৰ পাঁচটা উইকেট দখল ।

GT vs SRH
ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ গুজৰাট টাইটানছৰ
author img

By

Published : May 16, 2023, 10:52 AM IST

স্পষ্টছ ডেস্ক, ১৬ মে’: আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬২ তম খেলখনত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৪ ৰাণত পৰাস্ত কৰে ৷ ইয়াৰ লগতে গুজৰাট দলটো আই পি এল ২০২৩ ৰ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হয় । প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ২০ অভাৰত ১৮৮ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত হায়দৰাবাদৰ দলটোৱে মাত্ৰ ১৫৪/৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় (IPL 2023)৷

হায়দৰাবাদৰ হৈ হাইনৰিখ ক্লাসেন সৰ্বাধিক ৬৪ ৰাণ সংগ্ৰহ কৰে যদিও দলটোক জয়ৰ সোৱাদ দিবলৈ সক্ষম নহ’ল ৷ খেলখনৰ প্ৰাৰম্ভিক অৱস্থাত বিফল প্ৰদৰ্শনৰ পাছত শেষৰলৈকে হায়দৰাবাদ দলটোৱে পুনৰুদ্ধাৰ কৰিব নোৱাৰিলে আৰু মেচখন গুজৰাটৰ হাতত পৰাস্ত হয় । ইফালে গুজৰাটৰ হৈ মহম্মদ ছামী আৰু মোহিত শৰ্মাই ৪-৪ টাকৈ উইকেট দখল কৰে ।

অৱশ্যে এই খেলখনৰ মুখ্য আকৰ্ষণ আছিল গুজৰাট টাইটানছ দলৰ লক্ষ্ণৌৰ অ’পেনাৰ শুভমান গিলৰ (১০১) শতক, আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ভুৱনেশ্বৰ কুমাৰৰ পাঁচটা উইকেট দখল । বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছত গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল ৷ উইকেটকিপাৰ সাহাই (০) কোনো ৰাণ নকৰালৈ পেভিলিয়নলৈ উভতি যোৱাৰ পাচত গিল আৰু চাই সুদৰ্শনে (৪৯) ইনিংছটো ভালদৰে আগবঢ়াই নিয়ে ৷

কিন্তু চাই আউট হোৱাৰ পাচত গুজৰাটে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে । কেপ্টেইন হাৰ্ডিকো (৮) ক্ৰিজত বেছি সময় বৰ্তি থাকিবলৈ সক্ষম নহ’ল । পৰিস্থিতি এনেকুৱা আছিল যে হাৰ্দিককে ধৰি আঠজন বেটছমেনে দুটা সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে, আনহাতে তিনিজন বেটছমেনে নিজৰ একাউণ্টো খুলিব নোৱাৰিলে ।

গুজৰাট টাইটানছ (প্লেয়িং ইলেভেন):

শুভমান গিল, ঋদ্ধিমান সাহা (উইকেটকিপাৰ), চাই সুদৰ্শন, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ডেভিড মিলাৰ, দাচুন শনাকা, ৰাহুল তেৱাতিয়া, মোহিত শৰ্মা, ৰছিদ খান, মহম্মদ ছামী, নুৰ আহমেদ ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ (প্লেয়িং ইলেভেন):

অভিষেক শৰ্মা, ৰাহুল ত্ৰিপাঠী, এডেন মাৰ্ক্ৰাম (অধিনায়ক), হেনৰিখ ক্লাসেন (উইকেটকিপাৰ), আব্দুল চামাদ, চানভিৰ সিং, মায়াংক মাৰ্কাণ্ডে, মাৰ্কো জনছন, ভুৱনেশ্বৰ কুমাৰ, ফজলহক ফাৰুকুই, টি নটৰাজন ।

লগতে পঢ়ক: CSK vs KKR: ইডেনৰ পৰাজয়ৰ পোতক এম এ চিদাম্বৰম ষ্টেডিয়ামত তুলিলে কলকাতাই; 6 উইকেটত পৰাস্ত চেন্নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.