ETV Bharat / sports

GT vs KKR live score : ছিক্সাৰৰ ধুমুহা নমাই KKR ক জয়ৰ সোৱাদ দিলে ৰিংকু সিঙে; অথলে গ’ল ৰছিদ খানৰ হেইট্ৰিক - GT Unfortunate defeat

এক অকল্পনীয় জয়ে KKR ৰ খেলুৱৈ সকলক যেন আজি আচম্বিত কৰি তুলিলে ৷ শেষ অভাৰত ৰিংকু সিঙৰ অদমনীয় বেটিঙে IPL 2023 ত দ্বিতীয়টো জয়ৰ সোৱাদ দিলে KKR ক ৷ হেইট্ৰিক অৰ্জন কৰিও ব্যৰ্থ নায়ক হৈ ৰ’ল GT ৰ অধিনায়ক ৰছিদ খান (GT vs KKR live score) ৷

GT vs KKR live score
দেওবাৰৰ প্ৰথমখন ৰোমাঞ্চকৰ খেলত গুজৰাট বনাম কলকাতা
author img

By

Published : Apr 9, 2023, 4:12 PM IST

Updated : Apr 9, 2023, 8:17 PM IST

স্পৰ্টছ ডেস্ক,৯ এপ্ৰিল : ভাগ্যই কাক কেতিয়া কোন দিশে লৈ যায় তাৰ কোনো নিশ্চয়তা নাই৷ গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত দেওবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ মেচখনে তাকেই যেন প্ৰমাণ কৰিলে ৷ শেষ অভাৰত পৰাজয় নিশ্চিত হৈ থকা মেচখনত অৱশেষত জয়লাভ কৰি সকলো দৰ্শককে আচৰিত কৰি তুলিলে KKR এ (KKR magnificent winning) ৷

শেষৰ অভাৰত 29 ৰাণৰ প্ৰয়োজন আছিল KKR ক ৷ কিন্তু 17 অভাৰত GTৰ অধিনায়ক ৰছিদ খানে হেইট্ৰিক দখল কৰি KKR ৰ হাতৰ পৰা মেচখন একপ্ৰকাৰৰ নিজৰ দখললৈ আনিছিল ৷ GTৰ খেলুৱৈসকল ক্ৰমাগত তৃতীয়টো বিজয় উদযাপনৰ বাবে উদ্বাউল হৈ থকাৰ সময়তে গোটেই মেচখনৰ প্ৰেক্ষাপট সলনি হৈ যায় (GT Unfortunate defeat) ৷

20 সংখ্যক অভাৰটো KKR ৰ বাবে যেন ঈশ্বৰৰ নিৰ্মালীহে আছিল ৷ ষ্ট্ৰাইকত আছিল উমেশ যাদৱ, GT ৰ অধিনায়ক ৰছিদ খানে বলটো গতাই দিলে যশ দয়ালৰ হাতত ৷ প্ৰথমটো বলত এক ৰাণ লৈ উমেশে ষ্ট্ৰাইক দিয়ে ৰিংকু সিঙক ৷ তাৰ পিচতেই কোনেও নভবা ধৰণে খেলখন এটা বিপৰীত দিশলৈ গতি কৰে (IPL KKR Vs GT match result) ৷

19.2 দয়ালৰ এটা ফুল টচ বল বাউণ্ডেৰীলৈ মাৰি পঠিয়াই ৰিংকুৱে ৷ লগে লগে আম্পায়াৰে দুয়োহাত উপৰলৈ উঠাই অভাৰ বাউণ্ডেৰীৰ সংকেত দিয়ে ৷ 19.3 পুনৰ দয়ালৰ আন এটা ফুল টচ বলক অভাৰ বাউণ্ডেৰীৰ ৰূপ দিলে ৰিংকুৱে ৷ 19.4 একেৰাহে দুটাকৈ অভাৰ বাউণ্ডেৰী মৰাৰ পাচত আত্মবিশ্বাস লোপ পোৱা দয়ালে পুনৰ একেই ভুলেই কৰিলে ৷ আকৌ এটা ফুল টচ বল, পৰিণাম ছিক্সাৰ ৷

দুটা বলত 10 ৰাণৰ প্ৰয়োজন আছিল KKR ক ৷ GT ৰ অধিনায়ক ৰছিদ খানে দয়ালক নাৰ্ভাছ নহৈ সুন্দৰভাৱে বলিং কৰিবলৈ উৎসাহ যোগায় ৷ দয়ালে এইবাৰ এটা শ্ল’ বল দিয়ে ৷ কিন্তু ৰিংকুৰ বেটত যেন জুই লাগিছিল ৷ হয়তো ৰিংকু সিঙৰ মনত পৰিছিল 2007 চনৰ চনৰ T20 ৱৰ্ল্ড কাপৰ ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ষ্টুৱাৰ্ট ব’ডৰ ছটা বলত ছটা ছিক্সাৰ কোবোৱা যুৱৰাজ সিঙলৈ ৷ সেই শ্ল’ বলটোও জোৰেৰে বাউণ্ডেৰীলৈ মাৰি পঠিয়ালে ৰিংকুৱে ৷ আকৌ আম্পায়াৰে হাত দাঙি ছিক্সাৰৰ সংকেত দিলে ৷

খেলৰ শেষৰটো বলত চাৰি ৰাণৰ প্ৰয়োজন আছিল KKR ক ৷ দুয়োটা দলৰ খেলুৱৈ, সমৰ্থক আৰু দৰ্শকৰ মনত জাগিছিল তীব্ৰ উৎকণ্ঠা ৷ মাত্ৰ এটা বলে নিৰ্ণয় কৰিব দুটা দলৰ ভাগ্য ৷ GT য়ে ক্ৰমাগত তৃতীয়খন খেলত বিজয়ী হ’ব পাৰিবনে ? নে KKR এ নিজৰ পইণ্ট তালিকাত সংযোগ কৰিবলৈ সক্ষম হ’ব দুই পইণ্ট ? সকলোৰে চকু ৰিংকুৰ বেট আৰু দয়ালৰ বলত৷

দয়ালে শেষৰটো বল কৰিলে ৷ কিন্তু ভাগ্য সুপ্ৰসন্ন নহ’ল GT ৰ ৷ ৰিংকুৱে শেষৰ বলতো এটা ছিক্সাৰ কোবাই KKR ক এক অভাৱনীয় বিজয়ৰ সোৱাদ দিলে ৷ 21 টা বল খেলি এটা বাউণ্ডেৰী আৰু ছটা অভাৰ বাউণ্ডেৰী কোবাই 48 ৰাণ সংগ্ৰহ কৰি ৰিংকু হৈ পৰিল KKR ৰ বিজয়ৰ নায়ক ৷ শেষৰটো অভাৰতে একেলেঠাৰিয়ে 5 টা ছিক্সাৰ মাৰে ৰিংকুৱে ৷ হেট্ৰিকেৰে ষ্টেডিয়ামত বা স্ক্ৰীণৰ সন্মুখত থকা ক্ৰিকেট প্ৰেমীৰ হৃদয় জিনিলেও ৰছিদ খান হৈ ৰ’ল বিফল নায়ক ৷

আজিৰ খেলখনত KKR ৰ প্ৰথমাৱস্থাত বেটিং ভাল আছিল বুলিব পৰা নাযায় ৷ 28 ৰাণতে দুই অপেনাৰক হেৰুৱাই দলটো বিপাঙত পৰে ৷ কিন্তু ভেংকটেশ আয়াৰৰ অনবদ্য 83 ৰাণে KKR ৰ বিজয়ত অন্যতম মুখ্য ভূমিকা লয় ৷ অধিনায়ক নীতিশ ৰাণাৰ 45 ৰাণৰ বৰঙণিৰ কথাও উল্লেখ কৰিব লাগিব ৷ কিন্তু GT ৰ হৈ 17 সংখ্যক অভাৰটো কৰিবলৈ অহা অধিনায়ক ৰছিদ খানে হেইট্ৰিক দখল কৰি KKR ক বিপাঙত পেলাইছিল ৷ কিন্তু যশ দয়ালৰ দুৰ্বল বলিঙে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰালে GT ক ৷

ইয়াৰ পূৰ্বে নিৰ্ধাৰিত 20 অভাৰত 204 ৰাণ সংগ্ৰহেৰে কলকাতা নাইট ৰাইডাৰ্ছক বিশাল লক্ষ্য বান্ধি দিছিল গুজৰাট টাইটানছে ৷ প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ বেটিং প্ৰদৰ্শনেৰে GT দলটোৰ 200 তকৈও অধিক ৰাণ কৰিবলৈ সক্ষম হয় ৷ টচত জিকি বেটিঙৰ সিদ্ধান্ত লৈছিল GT য়ে ৷ হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত আজি দলটোক নেতৃত্ব দিছে আফগান খেলুৱৈ ৰছিদ খানে (GT vs KKR live score) ৷

GT ৰ হৈ অপেনিং কৰিবলৈ আহে ঋদ্ধিমান সাহা আৰু শুভমন গিল ৷ আহিয়েই দুয়ো সুন্দৰভাৱে বেটিং আৰম্ভ কৰে ৷ কিন্তু 4.2 অভাৰত সুনীল নাৰিনৰ বলত বাউণ্ডেৰী কোবাবলৈ গৈ আউট হয় সাহা ৷ 17 টা বলত তিনিটা বাউণ্ডেৰী কোবাই 17 ৰাণ কৰে সাহাই ৷ প্ৰথম ডাউনত বেটিং কৰিবলৈ অহা সাই সুদৰ্শনে ইয়াৰ পূৰ্বৰ খেল কেইখনতো সুন্দৰ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ আজিও দল আৰু ক্ৰিকেট অনুৰাগীক নিৰাশ নকৰিলে সুদৰ্শনে (IPL 2023 match updates) ৷

3 টা বাউণ্ডেৰী আৰু 2 টা অভাৰ বাউণ্ডেৰী কোবাই 38 বলত 58 ৰাণ কৰে যুৱ ক্ৰিকেটাৰগৰাকীয়ে ৷ ইফালে শুভমন গিলেও 5 টা বাউণ্ডেৰী কোবাই 39 ৰাণ কৰি আউট হয়৷ পাণ্ডিয়াৰ স্থানত অন্তৰ্ভুক্ত হোৱা বিজয় শংকৰে বিস্ফোৰক বেটিং কৰে আজিৰ খেলত ৷ 24 টা বলত টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই 63 ৰাণ কৰে বিজয় শংকৰে ৷ KKR ৰ হৈ সুনীল নাৰিনে 3 টা উইকেট দখল কৰে (IPL super sunday match) ৷

গুজৰাট টাইটানছ : শুভমান গিল, ঋদ্ধিমান সাহা (Wk), চাই সুদৰ্শন, বিজয় শংকৰ, ডেভিড মিলাৰ, ৰাহুল তেৱাটিয়া, ৰাছিদ খান (C) আলজাৰি জোছেফ, জছ লিটল, যশ দয়াল, মহম্মদ ছামী ।

কলকাতা নাইট ৰাইডাৰ্ছ : ৰহমানুল্লাহ গুৰবাজ (Wk), নীতিশ ৰাণা (C), এন জগদীচান, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, শাৰ্দুল ঠাকুৰ, সুনীল নাৰিন, লকি ফাৰ্গুচন, উমেশ যাদৱ, সুয়াশ শৰ্মা, বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক :IPL 2023 LIVE: ৱাংখেড়েত মুম্বাই ইণ্ডিয়ানছক 7 উইকেটত পৰাস্ত কৰিলে চেন্নাই ছুপাৰ কিংছে

Last Updated : Apr 9, 2023, 8:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.