ETV Bharat / sports

আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

author img

By

Published : Sep 22, 2020, 12:47 AM IST

Updated : Sep 25, 2020, 6:00 PM IST

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰে মুখামুখি হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হোৱা মেচখন 10 ৰানত জয়ী হয় বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷

আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ
আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

স্পৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ : আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত সোমবাৰে তৃতীয়খন মেচত বিৰাট কোহলিৰ সৈতে সন্মুখ সমৰত নামে ডেভিদ ৱাৰ্ণাৰ ৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হোৱা এই উত্তেজনাপূৰ্ণ মেচখনত শেষ হাঁহি মাৰে বিৰাট কোহলী নেতৃত্বধীন ৰয়েল চেলেঞ্জাৰ্ছে ৷ মেচখনত যুজৱেন্দ্ৰ চহলক "প্লেয়াৰ অৱ ডি মেচ" প্ৰদান কৰা হয় ৷

আজিৰ মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে দেৱদত্ত পডীক্কল {56 (42)}, এবি ডিভিলিয়াৰ্ছ {51 (30)} আৰু এৰণ ফিন্স {29 (27)} ৷ আনহাতে যুজৱেন্দ্ৰ চহলে 4 অভাৰত 18 ৰাণ খৰচ কৰি 3টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে শিৱম ডুবে 3 অভাৰত 15 ৰাণ খৰচ কৰি 2টা উইকেট দখল কৰাৰ লগতে নৱদীপ চাইনীয়ে 4 অভাৰত 25 ৰাণ খৰচ কৰি 2টা উইকেট দখল কৰে ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ জনী বেয়াৰেষ্ট’ৱে 43টা বলত সৰ্বাধিক 61 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে বিজয় শংকৰ, অভিষেখ শৰ্মা আৰু টী নটৰাজনে এটাকৈ উইকেট দখল কৰে ৷

দুয়োটা দলে বৰ্তমানলৈকে আইপিএলৰ ইতিহাসত 15 খন মেচত মুখামুখি হৈছে য’ত 8 খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে আৰু 6 খন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলটোৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ বিগত আইপিএলত দুয়োটা দলে দুখনকৈ মেচত মুখামুখি হৈছে য’ত এখন মেচত বেংগালুৰ আৰু এখন মেচত হায়দৰাবাদে জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, 2016 চনত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে আইপিএলৰ ইতিহাসত এই পৰ্যন্ত খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলটোৱে ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে 2016 চনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰকেই পৰাস্ত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সদস্য : ডেভিদ ৱাৰ্ণাৰ, কেন উইলিয়ামছন, মনীষ পাণ্ডে, বিৰাট সিং, প্ৰিয়ম গাৰ্গ, আব্দুল ছমদ, অভিষেক শৰ্মা, মিটচেল মাৰ্ছ, ফেবিয়ন এলন, বিজয় শংকৰ, মহম্মদ নৱী, ৰাছিদ খান, সঞ্জয় যাদৱ, ভূৱনেশ্বৰ কুমাৰ, খলীল আহমদ, সন্দীৰ শৰ্মা, বিলী ষ্টেনলেক, টী নটৰাজন, শাহবাদ নদীম, জনী বেয়াৰেষ্ট’,ঋদ্ধিমান সাহা, শ্ৰীবাস্তৱ গোস্বামী ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ সদস্য : বিৰাট কোহলি, মইন আলী, যুজৱেন্দ্ৰ চহল, পৱন দেশপাণ্ডে, এবি ডিভিলিয়াৰ্ছ, শিৱম ডুৱে, এৰণ ফিন্স, গুৰকীৰত সিং মান, মহম্মদ ছিৰাজ, ক্ৰীছ মৰিছ, পৱন নেগী, দেৱদত্ত পডীক্কল, পাৰ্থিৱ পটেল, জ’ছ ফিলিপ, শ্বাহৱাজ আহমদ, নৱদীপ চাইনী, ডেল ষ্টেইন, ইছুৰু উডানা, ৱাশ্বিংটন সুন্দৰ, উমেশ যাদৱ, এডাম জাম্পা ৷

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুক্তি পাব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.