ETV Bharat / sports

আই পি এলৰ পৰা বাহিৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ - IPL

দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বাহিৰ হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদ ।

আই পি এলৰ পৰা বাহিৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ
author img

By

Published : May 9, 2019, 8:57 AM IST

স্পৰ্টছ ডেস্ক, ৯ মে': আই পি এলৰ দ্বাদশ সংস্কৰণৰ একমাত্ৰ এলিমিনেটৰ মেচত বুধবাৰে দিল্লীৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদ । বিশাখাপট্টনমত অনুষ্ঠিত হোৱা এই শ্বাসৰুদ্ধকাৰী মেচত এটা বল বাকী থকাৰ সময়ত ২ উইকেটৰে জয় লাভ কৰিবলৈ সক্ষম হয় দিল্লী কেপিটেলছে । পৃথ্বী শ্ব'ৰ অৰ্ধশতকীয় ইনিংছ আৰু ঋষভ পন্তৰ ২১ বলত বিস্ফোৰক ৪৯ ৰ ফলত জয় লাভ কৰিবলৈ সক্ষম হয় ।

ETV BHARAT ASSAM
2 উইকেটত জয় লাভ দিল্লী কেপিটেলছৰ

খেলখনত দিল্লী কেপিটেলছে টছত জয়ী হয় প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । দিল্লীৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি হায়দৰাবাদ দলটোৱে ৮ উইকেটৰ বিনিময়ত ১৬২ ৰান কৰিবলৈ সক্ষম হয় । এই ৰান অতিক্ৰম কৰিবলৈ আহি দিল্লীয়ে ৮ উইকেটৰ বিনিময়ত ১৯.৫ অভাৰত লক্ষ্যত উপনীত হয় । এই জয়ৰ পিচতেই শুক্ৰবাৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে ফাইনেলত স্থান সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখামুখি হ'ব দিল্লী দলটো । মেচখনত সুন্দৰ বেটিং কৰা ঋষভ পন্তক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.