নিউজ ডেস্ক, ২০ এপ্ৰিল: শনিবাৰে ৰাজস্থান ৰয়েলছ দলে আইপিএলত দলটোৰ ব্যৰ্থতাৰ পাছতে আজিংকা ৰাহানেক অধিনায়ক পদৰ পৰা অব্যাহতি দিয়ে । তেওঁৰ সলনি অষ্ট্ৰেলিয়ান বেটছমেন ষ্টিভ স্মিথক দলটোৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে । দলটোক পূৰ্বৰ ফৰ্মত ঘূৰাই অনাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে ।
ৰাজস্থান ৰয়েলছৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ষ্টিভ স্মিথ বিশ্বৰ সফল অধিনায়ক সকলৰ ভিতৰত অন্যতম, সেয়েহে তেওঁৰ অধিনায়কত্বত দলে ভাল প্ৰদৰ্শন কৰাৰ আশা প্ৰকাশ কৰা হৈছে । লগতে ৰাহানে এজন প্ৰকৃতাৰ্থত "ৰয়েল" বুলি মন্তব্য কৰে দলটোৰ মুখ্য দায়িত্বত থকা জুবিন ভৰোছাই । উল্লেখ্য যে, ৰাহানেৰ নেতৃত্বত দলটোৱে ৮ খন মেচৰ ৬ খনতে পৰাস্ত হোৱাৰ পাছত তালিকাৰ সপ্তম স্থান দখল কৰিছে ।