ETV Bharat / sports

আই পি এলৰ পৰা বাহিৰ দিল্লী কেপিটেলছৰ মুখ্য অস্ত্ৰ ৰাবাডা

আঘাতৰ সন্মুখীন হৈ স্বদেশলৈ উভতিল আই পি এলৰ পাৰ্পল কেপ অধিকাৰী দক্ষিণ আফ্ৰিকাৰ তথা দিল্লী কেপিটেলছৰ দ্ৰুত বেগী বলাৰ কাগিছ ৰাবাডা । শুকুৰবাৰে খেলুৱৈগৰাকীৰ বাহিৰ হোৱা কথা স্পষ্ট কৰে দিল্লী কেপিটেলছৰ ফ্ৰানচাইজাৰ্ছে ।

RABADA OUT FROM IP
author img

By

Published : May 3, 2019, 7:16 PM IST

স্পৰ্টছ ডেস্ক, ৩ মে': দিল্লী কেপিটেলছৰ অনুৰাগীৰ বাবে দুখবৰ । আই পি এলৰ প্লে অফৰ গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল বেগী বলাৰ কাগিছ ৰাবাডা । আঘাতৰ সন্মুখীন হৈ বিশ্বকাপৰ উদ্দেশ্যে আধাতে আই পি এল ত্য়াগ কৰাৰ সিদ্ধান্ত খেলুৱৈগৰাকীৰ । লক্ষণীয় যে, পিঠিৰ বিষৰ সন্মুখীন হোৱাৰ বাবেই চেন্নাই বিৰুদ্ধে অনুষ্ঠিত মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল ৰাবাডা ।

ETV BHARAT
আই পি এলৰ পৰা বাহিৰ ৰাবাডা

ৰাবাডাই এই ছীজনত দিল্লীৰ হৈ মুঠ ১২ খন মেচত অৱতীৰ্ণ হৈছিল । য'ত তেওঁ ২৫ টা উইকেট দখলেৰে বৰ্তমান লৈকে পাৰ্পল কেপ অধিকাৰ কৰিবলৈ সক্ষম হৈছে । ৰাবাডাৰ বিধ্বংসী বলিঙৰ ফলতেই ছয়বছৰৰ অন্তত প্লে অফত স্থান লাভ কৰবিলৈ সক্ষম হৈছে দিল্লী দলটো ।

লগতে পঢ়কঃ ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰসমন বিভাগৰ এলাৰ্ট জাৰি !

ৰাবাডাৰ আধাতে আই পি এলৰ পৰা বাহিৰ হোৱা নিশ্চিত বাবে দলটোৰ বাবে হ'ব এক অপূৰণীয় ক্ষতি । দিল্লীয়ে নিজৰ অন্তিমখন লীগ মেচ অহা ৪ মে'ত ৰাজস্থান ৰয়েলছ বিৰুদ্ধে দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত অৱতীৰ্ণ হ'ব ।

Intro:Body:

raada

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.