ETV Bharat / sports

আই পি এলৰ প্লে অফৰ পৰা বাহিৰ কলকাতা নাইট ৰাইডাৰ্ছ - মুম্বাই ইণ্ডিয়ানছ

মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈ আই পি এলৰ প্লে অফৰ পৰা বাহিৰ কলকাতা নাইট ৰাইডাৰ্ছ । ইপিনে কলকাতাৰ পৰাজয়ৰ লগে লগে প্লে অফত স্থান সুনিশ্চিত হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ।

আই পি এলৰ প্লে অফৰ পৰা বাহিৰ কলকাতা নাইট ৰাইডাৰ্ছ
author img

By

Published : May 5, 2019, 11:57 PM IST

স্পৰ্টছ ডেস্ক, ৫ মে': আই পি এলৰ দ্বাদশ সংস্কৰণৰ ৫৬ সংখ্যক মেচত দেওবাৰে মুখামুখি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছ । প্লে অফত স্থান লাভ কৰাৰ উদ্দেশ্যেৰে এই মেচখন আছিল কলকাতাৰ দৃষ্টি ভংগীৰে অধিক গুৰুত্বপূৰ্ণ । টছত জয়ী হৈ মুম্বাইয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মেচখনত । প্ৰথমে বেটিং কৰিবলৈ আহি কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত হেৰুৱাই সংগ্ৰহ কৰিছেল কেৱল ১৩৩ ৰান । কলকাতাৰ হৈ সৰ্বাধিক ক্ৰীছ লিনে ৪১ আৰু ৰবিন উত্থাপাই ৪০ ৰান কৰিবলৈ সক্ষম হৈছিল ।

ETV BHARAT
ROHIT SHARMA

১৩৪ ৰান লক্ষ্য অতিক্ৰম কৰিবলৈ আহি মুম্বাইয়ে ১৬.১ অভাৰত ১ উইকেট হেৰুৱাই মেচখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । মুম্বাইৰ হৈ ৰোহিত শৰ্মাই অপৰাজিত ৫৫ ৰান আৰু সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৪৬ ৰান কৰিবলৈ সক্ষম হয় । ইপিনে কুইণ্টন ডি-ককে ৩০ ৰানৰ বৰঙণি দিয়ে ।

প্লে অফত স্থান লাভ কৰা দল কেইটা হৈছে- চেন্নাই চুপাৰ কিংছ, দিল্লী কেপিটেলছ, মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.