ETV Bharat / sports

কোন হ'ব চতুৰ্থবাৰৰ চেম্পিয়ন ? ৰণভূমিত মুম্বাই বনাম চেন্নাই - হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম

আই পি এলৰ দ্বাদশ সংস্কৰণৰ চূড়ান্ত মেচত আজি মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ । দুয়োটা দলেই ইয়াৰ পূৰ্বে তিনিবাৰকৈ চেম্পিয়ন হোৱাৰ সৌভাগ্য় লাভ কৰিবলৈ সক্ষম হৈছে ।

কোন হ'ব চতুৰ্থবাৰৰ চেম্পিয়ন ?
author img

By

Published : May 12, 2019, 8:24 AM IST

Updated : May 12, 2019, 8:38 AM IST

স্পৰ্টছ ডেস্ক, ১২ মে': হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব আই পি এলৰ ফাইনেল মেচ । মুম্বাই ইণ্ডিয়ানছে প্ৰথমখন কোৱালিফায়াৰত চেন্নাই পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় কোৱালিফায়াৰত চেন্নাই চুপাৰ কিংছে দিল্লী কেপিটেলছক পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । এতিয়া দুয়োটা দলৰ বাবেই চতুৰ্থবাৰৰ বাবে চেম্পিয়ন হোৱাৰ আহি পৰিছে সোণালী সুযোগ ।

ETV BHARAT
মুম্বাই বনাম চেন্নাই

ধোনীৰ নেতৃত্বত চেন্নাইয়ে ২০১০, ২০১১ আৰু ২০১৮ ত চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে ৰোহিতৰ নেতৃত্বত মুম্বাইয়ে ২০১৩, ২০১৫ আৰু ২০১৭ চনত চেম্পিয়ন হৈছিল । উল্লেখ্য যে, ইয়াৰ পূৰ্বে চেন্নাই আৰু মুম্বাইয়ে দুয়োটা দলৰ বিৰুদ্ধে ২০১০, ২০১৩ আৰু ২০১৫ ত খিতাপৰ যুঁজত অৱতীৰ্ণ হৈছে । য'ত ২০১০ চনত চেন্নাইয়ে খিতাপ দখল কৰাৰ বিপৰীতে ২০১৩ আৰু ২০১৫ চনত মুম্বাইয়ে খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ।

Last Updated : May 12, 2019, 8:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.